অসম

তেজপুৰৰ ফটো সাংবাদিক অপূৰ্বজ্যোতি পটংগীয়াৰ মৃত্যুত নগাঁৱতো শোক  

নগাঁওৰ পৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: তেজপুৰৰ ফটো সাংবাদিক অপূৰ্বজ্যোতি পটংগীয়াৰ  কলিয়াবৰত সংঘটিত এক পথ দুৰ্ঘটনাত মৃত্যু হোৱাত নগাঁৱতো শোকৰ ছাঁ পৰিছে । বৈদ্যুতিক মাধ্যম নিউজ ১৮ চেনেলৰ তেজপুৰস্থ ফটো সাংবাদিক অপূৰ্বজ্যোতি পটংগীয়াৰ মৃত্যুত নগাওঁ প্ৰেছ ক্লাৱ, সদৌ নগাওঁ জিলা সাংবাদিক সংস্থা, নগাওঁ জিলা বাৰ্তাজীৱি সংঘ, আপকুৰ নগাঁও জিলা সমিতি আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। আনহাতে বুধবাৰে সাংবাদিক গৰাকীৰ মৃতদেহ গুৱাহাটীৰ পৰা তেজপুৰলৈ অনাৰ পথত নগাঁৱৰ উৰিয়াগাঁও বাইপাছ চকত নগাৱৰ সাংবাদিক সকলৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য সকলে সাংবাদিক গৰাকীৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । চামগুৰিতো চামগুৰি সংযুক্ত সাংবাদিক সন্থা আৰু চামগুৰি ইলেক্ট্ৰনিক মিডিয়া এছ’ছিয়েছনেও সাংবাদিক গৰাকীক শেষ শ্ৰদ্ধা জনায়।

 

Related Articles

Leave a Reply

Close