অসমশীৰ্ষ

তেলিয়া পহুকটাত বন বিভাগৰ অভিযান: জব্দ অবৈধ কাঠ মিল

বঢ়মপুৰৰপৰা নয়ন মনি বৰা, প্ৰথম খবৰ: নগাঁও জিলাৰ বিভিন্ন স্থানত বন বিভাগে বনাঞ্চল ধ্বংসযজ্ঞ, চোৰাং কাঠ সৰবৰাহ আৰু অবৈধ কাঠ মিলৰ ওপৰত বিগত কেইবাদিনো ধৰি অবিৰতভাৱে অভিযান চলাই আছে।

আজিও নগাঁও সদৰ আঞ্চলিক বন বিষয়া নেপাল মণ্ডলৰ নিৰ্দেশত নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বন বিভাগৰ এটা দলে তেলিয়া পহুকটাত অভিযান চলায়।

বন বিভাগৰ দলটোৱে অভিযান কালত তেলিয়া পহুকটাৰ মিণ্টু বৰা নামৰ ব্যক্তিজনৰ অবৈধ কাঠমিলটো জব্দ কৰে। উল্লেখ্য যে, বন বিভাগে জব্দ কৰা অবৈধ কাঠমিলটো বৰ্তমান নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ত ৰখা হৈছে।

Related Articles

Leave a Reply

Close