অসম

তৈলক্ষেত্ৰ ব্যক্তিগতকৰণৰ সিদ্ধান্ত বাতিলৰ দাবীত এ জে ৱাই চি পিৰ অইল অৱৰোধ

টিংখাঙৰপৰা মিৰাণ ইছলাম, প্ৰথম খবৰ: কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ অধীনস্থ ৬ খনকৈ তৈলক্ষেত্ৰ ব্যক্তিগতকৰণ কৰাৰ তীব্র বিৰোধিতা প্ৰকাশ কৰিছে  এ জে ৱাই চি পিয়ে।

এইক্ষেত্ৰত ৰাজ্য চৰকাৰে নীৰৱ ভূমিকা লোৱাৰ প্ৰতিবাদত আৰু এই হঠকাৰী সিদ্ধান্ত বাতিলকৰণৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে ৪ নবেম্বৰত পুৱা ৫ বজাৰ পৰা ২৪ ঘণ্টীয়া অইল অৱৰোধ ঘোষণা কৰিছে।

ডিব্ৰুগড় জিলাৰ ৩ খন তৈলক্ষেত্ৰত এই অৱৰোধ ৰূপায়ন কৰিব জাতীয় সংগঠনটোৱে। শীঘ্ৰে এই সিদ্ধান্ত বাতিল নকৰিলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলন গঢ়ি তুলিব বুলি এ জে ৱাই চি পিৰ ডিব্ৰুগড় জিলা সমিতিয়ে সকীয়াই দিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close