অসম

থলুৱা খিলঞ্জীয়াক উচ্ছেদক লৈ নগাঁৱত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

প্ৰথম খবৰ, নগাঁও: বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে আমচাঙকে ধৰি বিভিন্ন স্থানত বসবাস কৰা থলুৱা – খিলঞ্জীয়া সকলক অমানবীয়ভাৱে উচ্ছেদ কৰা কাৰ্যৰ বিৰুদ্ধে গৰজি উঠিছে কংগ্ৰেছৰ যুৱ সংগঠন যুৱ কংগ্ৰেছ। আজি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ নগাওঁ জিলা সমিতিয়ে থলুৱা-খিলঞ্জীয়া লোকক উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। নগাঁও জিলা যুৱ কংগ্ৰেছৰ নেতৃত্বত যুৱ কংগ্ৰেছৰ সদস্য সকলে নগাঁও চহৰত এক প্ৰতিবাদী সমদল উলিয়াই চৰকাৰৰ উচ্ছেদ নীতিৰ তীব্ৰ বিৰোধিতা কৰে।

থলুৱা – খিলঞ্জীয়াক কৰা উচ্ছেদ কাৰ্য বন্ধ কৰক, বিজেপি হুচিয়াৰ, থলুৱা – খিলঞ্জীয়াক ভূমিৰ অধিকাৰ দিয়ক আদি বিভিন্ন শ্লগানেৰে নগাঁৱৰ ৰাজপথ উত্তাল কৰি তোলে। সমদলৰ অন্তত যুৱ কংগ্ৰেছৰ নেতৃত্ব‌ই কয়, আক্ৰোশমূলকভাৱে থলুৱা – খিলঞ্জীয়া সকলক উচ্ছেদ কৰি খিলঞ্জীয়া বিৰোধী স্থিতি গ্ৰহণ কৰিছে বিজেপি মিত্ৰযোথৰ চৰকাৰে। চৰকাৰক থলুৱা-খিলঞ্জীয়া সকলক উচ্ছেদ কৰা কাৰ্য শীঘ্ৰে বন্ধ কৰাৰো দাবী জনায় নগাঁও জিলা যুৱ কংগ্ৰেছে।

Related Articles

Leave a Reply

Close