অসম

থলুৱা বিৰোধী নীতি, ১৬ নৱেম্বৰৰ পৰা অ’এনজিচি বন্ধৰ হুংকাৰ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: অ’এনজিচি থলুৱা বিৰোধী নীতিৰ বাবে জাঙুৰ খাই উঠিছে আছু, আমছু, বৃহত্তৰ অসমীয়া যুৱ মঞ্চকে ধৰি শিৱসাগৰৰ একাধিক দল- সংগঠন। শেহতীয়াকৈ বৃহত্তৰ অসমীয়া যুৱ মঞ্চই অ’এনজিচিক জনাই অহা দাবীসমূহৰ প্ৰতি সঁহাৰি নজনোৱাত অহা ১৬ নৱেম্বৰৰ পৰা ৩৬ ঘণ্টীয়া অ’ এনজিচি বন্ধ দিয়াৰ হুংকাৰ দিছে।

জিলা সমিতিৰ তৰফৰ পৰা কাকতলৈ প্ৰেৰণ কৰা এক প্ৰেছ বাৰ্তাত উল্লেখ কৰিছে যে অসম চৰকাৰে প্ৰতিবছৰে পাই অহা ৰাজহৰ পৰা অসমক বঞ্চিত কৰি অ’ এনজিচিৰ উৰ্দ্ধতম কৰ্তৃপক্ষই বহিঃৰাজ্য পশ্চিমবংগৰ বলমা লৰী নামৰ এটি প্ৰতিষ্ঠানক অ’ এনজিচিৰ কৰ্মচাৰীৰ ফ্লাইটৰ টিকট প্ৰদান কৰাৰ ঠিকা গোপনে প্ৰদান কৰিছে। এনেদৰে বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক ফ্লাইটৰ টিকট যোগান ধৰাৰ ঠিকা প্ৰদান কৰাৰ ফলত অসমে কেইবা কোটি টকা ৰাজহ বছৰি হেৰুৱাবলৈ আৰম্ভ কৰিছে। ইয়াৰ উপৰি স্থানীয় একাংশ ট্ৰেভেল এজেঞ্চিত নিয়োজিত হৈ থকা কেইবা শতাধিক স্থানীয় শিক্ষিত যুৱক – যুৱতীলৈ অনিশ্চয়তা নামি আহিছে।

বলমা লৰীৰ দৰে বহিঃৰাজ্যৰ প্ৰতিষ্ঠানক অ’ এনজিচিত ৰঙা দলিচা পাৰি কাম কৰিবলৈ সুবিধা কৰি দিয়াৰ ফলত স্থানীয় বহু ট্ৰেভেল এজেঞ্চি বন্ধ হৈ যোৱাৰ উপক্ৰম হোৱাৰ লগতে ইয়াত কৰ্মৰত শিক্ষিত বহু যুৱক – যুৱতীয়ে চাকৰি হেৰুৱাটো নিশ্চিত হৈ পৰিছে। আনহাতে অ’ এনজিচিয়ে নিজৰ প্ৰয়োজন হোৱাত প্ৰতি তিনি বছৰৰ অন্তৰে অন্তৰে স্থানীয়ভাৱে সৰু গাড়ী যোগান ধৰিবৰ বাবে নিবিদা গ্ৰহণ কৰে। স্থানীয় নিবনুৱা যুৱক – যুৱতী সকলে মাটি-বাৰি বিক্ৰী কৰি আৰু বেংকৰ ঝৃণ লৈ অ’ এনজিচিত একো একোখন সৰু গাড়ী চলাই পৰিয়ালটো কোনো মতে পোহপাল দি আহিছে।

কিন্তু অ’ এনজিচিয়ে এইবাৰ নিবিদা মুকলি কৰোতে সৰু গাড়ী যোগান ধৰাৰ ক্ষেত্ৰত নিবিদাকাৰীলৈ যি বিলাক চৰ্ত বান্ধি দিছে এই চৰ্ত বিলাক মানি লৈ নথি-পত্ৰ যোগান ধৰাটো সম্ভৱপৰ নহয় নিবনুৱাৰ বাবে। সেয়ে অ’ এনজিচিয়ে এই সমস্যা বিলাকৰ ফলপ্ৰসূ সমাধান কৰিবলৈ সংগঠনটোৰ তৰফৰ পৰা বহুবাৰ নিগম কৰ্তৃপক্ষক আবেদন – নিবেদন কৰা হৈছিল যদিও নিগম কৰ্তৃপক্ষই ইয়াক অলপো গুৰুত্ব প্ৰদান নকৰি অসম বিৰোধী এক স্থিতি গ্ৰহণ কৰিছে বুলি সংগঠনটোৱে অভিযোগ কৰিছে। সেয়ে অ’ এনজিচিয়ে গ্ৰহণ কৰা থলুৱা বিৰোধী নীতিৰ তীব্ৰ বিৰোধিতা কৰি অহা ১৬ আৰু ১৭ নৱেম্বৰত সংগঠনটোৱে ৩৬ ঘণ্টীয়া অ’ এনজিচি বন্ধৰ ঘোষণা কৰিছে। আনহাতে এই বন্ধৰ ফলত হব পৰা যিকোনো অপ্ৰীতিকৰ ঘটনাৰ বাবে সংগঠনটো অলপো দায়ী নহয় বুলি প্ৰেছ বাৰ্তাটোত স্পষ্ট কৰি দিছে।

Related Articles

Leave a Reply

Close