অসম

থিয়েটাৰ প্ৰদৰ্শন কৰিবলৈ অহা শিল্পী অভিনেতাৰ নাট্যগৃহৰ পৰা পলায়ন 

বাদুলিপাৰৰ পৰা পাৰ্থপ্ৰতীম বৰুৱা, প্ৰথম খবৰ: গোলাঘাট জিলাৰ বাদুলিপাৰ অঞ্চলৰ ৰঙামাটি গাওঁত ৰঙামাটি চেউনী বৰনামঘৰৰ সাহাৰ্যাথে তিনিটি নিশাৰ বাবে আমন্ত্ৰণ কৰি অনা “লখিমী”থিয়েটাৰৰ তৃতীয় দিনাৰ প্ৰাক মুহুৰ্ত নাট্যাংসৰ তিনিজন অভিনেতা পলায় যোৱাত নাটক প্ৰদৰ্শন কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হয়।  ফলত নাটক প্ৰদৰ্শন কৰাত বহুত পলম হয়। ৰাইজৰ মাজত হুৱাদুৱা লগাত দেৰিকৈ হ’লেও স্থানীয় এগৰাকী উদীয়মান শিল্পী নাম শ্রীমতী ৰুনমণি শইকীয়াই নাটকৰ চৰিত্ৰটিত অভিনয় কৰে। দৰ্শকক আমোদ দিয়াৰ বাবে থিয়েটাৰ পৰিচালনা সমিতি তথা স্থানীয় দৰ্শকসকলে শিল্পীগৰাকীৰ ধন্যবাদ জনায়। উল্লেখনীয় যে এনেদৰে এনেকুৱা ঘটনা পুনৰাবৃত্তি হ’লে উদযাপন সমিতিসমূহ  বিপদত পৰে সেয়ে থিয়েটাৰ স্বত্বাধিকাৰীসকলে এইক্ষেত্ৰত বিষেশভাবে প্ৰদক্ষেপ গ্ৰহণ কৰিব বুলি স্থানীয় ৰাইজে মতপোশন কৰে

Related Articles

Leave a Reply

Close