অসম

দলংঘাট শাখা ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ প্ৰবীণ মহন্তৰ ৩৩  তম মৃত্যু তিথি উদযাপন

খৈৰাবাৰীৰ পৰা প্ৰাঞ্জল কলিতা, প্ৰথম খবৰ: দলংঘাট শাখা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত আজি ১৯৮০  চনৰ ২৪ নৱেম্বৰৰ অসম আন্দোলনৰ শ্বহীদ প্ৰবীণ মহন্তৰ ৩৩  তম মৃত্যু তিথি উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত উপস্থিত থাকে সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়া , সাংগঠনিক সম্পাদক প্ৰাঞ্জল কলিতা,সদৌ ওডালগুৰি জিলা ছাত্ৰ সন্থাৰ সভাপতি প্ৰাঞ্জল পাটোৱাৰী, কলাইগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মৃন্ময় হাজৰিকাকে প্ৰমূখ্যে কৰি একাংশ ছাত্ৰ কৰ্মী তথা দলংঘাট অঞ্চলৰ প্ৰাক্তন ছাত্ৰ কৰ্মী আৰু ৰাইজ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close