অসমসাহিত্য

“দীনদয়াল কোন?” এখন পক্ষপাতহীন গ্ৰন্থ

জোনমনি জোনাক দাস,প্ৰথম খবৰ: “দীন দয়াল কোন?” ৰুবুল দাস আৰু নীলিম আকাশ কাশ্যপৰ সম্পাদনাত প্ৰকাশিত এখন পক্ষপাতহীন গ্ৰন্থ| ইয়াত দীনদয়াল উপাধ্যায়ৰ জীৱন আৰু বিভিন্ন দিশৰ ওপৰত এক তথ্যসমৃদ্ধ পৰ্য্যালোচনা কৰা হৈছে| গ্ৰন্থখনত দীনদয়াল উপাধ্যায়ৰ সপক্ষে বা বিপক্ষে যিকোনো এটা দিশ মাথো সামৰা হোৱা নাই, ইয়াত দুয়োটা দিশৰ মতাদৰ্শ পৰ্য্যালোচনা কৰা হৈছে| গ্ৰন্থখনৰ মূল আকৰ্ষন দীনদয়াল উপাধ্যায়ক কেন্দ্ৰ কৰি ৰুবুল দাসে আলফা সেনাধ্যক্ষ পৰেশ বৰুৱাৰ লোৱা সাক্ষাৎকাৰ আৰু জ্যোষ্ঠ সাংবাদিক অতনু ভূঞাই অখিল গগৈৰ লোৱা সাক্ষাৎকাৰ| গ্ৰন্থখনত অকল দীনদয়াল উপাধ্যায় সম্পৰ্কত বিভিন্ন লেখা সন্নিবিষ্ট হোৱাই নহয়, দীনদয়াল উপাধ্যায়ে লিখা দুটা লিখনিৰ অসমীয়ালৈ কৰা অনুবাদো সন্নিবিষ্ট কৰা হৈছে|
দীনদয়াল উপাধ্যায় সম্পৰ্কত সততে বিভিন্ন মাধ্যমৰ লগতে ছচিয়েল মিডিয়াত উত্থাপন হৈ অহা বিভিন্ন প্ৰশ্নবোৰৰ উত্তৰ পাঠকে পাবলৈ সক্ষম হ’ব| কম পৰিসৰৰ ১৩৭ পৃষ্ঠাৰ গ্ৰন্থখনত আৰএছএছৰ সৈতে জড়িত ব্যক্তি আৰু অখিল গগৈৰ সৈতে জড়িত ব্যক্তিসকলৰ লিখনিও তাত সন্নিৱেশ কৰা হৈছে| গ্ৰন্থখনত লিখিছে নগেন শইকীয়া,ড° হীৰেন গোহাঁই,অজিত কুমাৰ ভূঞা,সুমন্ত চলিহা,কমল মেধি,ৰবচন বৰুৱাকে প্ৰমুখ্য কৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে|
“বালিমাহী প্ৰকাশন”ৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনৰ আকৰ্ষণীয় বেটুপাত সজাইছে সঞ্জীৱ বৰাই| বৰ্তমান অসমত দীনদয়াল উপাধ্যায়ক লৈ যি এক বিতৰ্কৰ সূচনা হৈ আহিছে সেই সময়ত “দীনদয়াল কোন?” নামৰ গ্ৰন্থখনে পাঠক সমাজৰ মাজত এক বাৰ্তা কঢ়িয়াই আনিবলৈ সক্ষম হ’ব|

Related Articles

Leave a Reply

Close