অসম

দুধনৈত শিক্ষকক নিলম্বন

দুধনৈৰ পৰা ভবেশ চন্দ্ৰ ভাগৱতী, প্ৰথম খবৰ:  গোৱালপাৰা জিলাৰ দুধনৈ শিক্ষাখণ্ডৰ অন্তৰ্গত বলবলা শিলডুবি প্ৰাথমিক বিদ্যালয় আৰু আগাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকদ্বয় ক্ৰমে ভূপেন মোমিন আৰু ৰূপৰেশ আৰ মাৰাকক বিদ্যালয়ত অনুপস্থিত আৰু অনিয়মিত মধ্যাহ্ন ভোজনৰ বাবে চৰজমিন তদন্ত কৰি গোৱালপাৰা জিলা প্ৰাথমিক শিক্ষা বিষয়া নৃপেন দাসে নিলম্বিত কৰে। জানিব পৰা মতে মেমো নং DEG/Ratio/LP/UP/PT-II/2016/10479-86 মৰ্মে আগাম প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ৰূপৰেশ আৰ মাৰাক আৰু DEG/Ratio/LP/UP/PT-II/2016/10470-78 মেমো মৰ্মে বলবলা শিলডুবি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক ভূপেন মোমিনক নিলম্বিত কৰে। উল্লেখ্য যে জিলাখনত তৃতীয় পৰ্যায়ৰ গুণোৎসৱৰ প্ৰস্তুতি শেষ পৰ্যায়ত উপনীত হোৱাৰ সময়তে দুগৰাকীকৈ প্ৰধান শিক্ষকক নিলম্বন কৰাত শিক্ষক সমাজ আৰু সচেতন মহলত ব্যাপক চৰ্চা লাভ কৰিছে।

Related Articles

Leave a Reply

Close