অসম

দুলীয়াজান বিধানসভা সমষ্টিত কংগ্ৰেছে বজালে পঞ্চায়তৰ ৰণডংকা, ভাদৈত প্ৰদেশ কংগ্ৰেছৰ পদযাত্ৰা

প্ৰথম খবৰ, দুলীয়াজান: ১১৮ নং দুলীয়াজান বিধানসভা সমষ্টিত আজি ডিব্ৰুগড জিলা় প্ৰদেশ কংগ্ৰেছে বজালে সমাগত পঞ্চায়ত নিৰ্বাচনৰ ৰণডংকা। দুলীয়াজান সমষ্টিৰ ১৬ টা পঞ্চায়ত, ৪ টা জিলা পৰিষদ আৰু ১৬০ টা ৱাৰ্ডত অগপ আৰু গেৰুৱা দলটোক প্ৰতিহত কৰিবলৈ টঙালি বান্ধিছে প্ৰদেশ কংগ্ৰেছ দলে। প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি দুলীয়াজান বিধানসভা সমষ্টিৰ ৰঙাগড়া, বকুলনি আৰু ভাদৈ মণ্ডল কংগ্ৰেছ কমিটিয়ে পঞ্চায়তৰ প্ৰতিনিধি বৰ্গৰ সহযোগত আজি ভাদৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত এখনি প্ৰতিনিধি সভা আৰু পদযাত্ৰা বাহিৰ কৰে।

ভাদৈ খেলপথাৰৰ পৰা বকুলনি চাৰিআলিলৈ বাহিৰ কৰা এই পদযাত্ৰাত অংশগ্ৰহণ কৰে প্ৰাক্তন বনমন্ত্ৰী তথা ডিব্ৰুগড় জিলা কংগ্ৰেছৰ সভাপতি এতোৱা মুণ্ডা, জিলা সাধাৰণ সম্পাদক তথা দুলীয়াজান বিধানসভা সমষ্টিৰ তত্ত্বাৱধায়ক প্ৰদীপ মাঝি, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্য্যনিৰ্বাহক সদস্য ধ্রুৱজ্যোতি গগৈ প্ৰমুখ্যে জ্যেষ্ঠ কংগ্ৰেছী নেতা বংশীলাল চাহু, সুৰেশ গগৈ ইত্যাদি।

পদযাত্ৰাৰ পূৰ্বে অনুষ্ঠিত প্ৰতিনিধি সভাখনত উপস্থিত থকা এতোৱা মুণ্ডাৰ ভাষণত অসমৰ মাটি নাগালিমৰ অন্তৰ্ভুক্তকৰণ, তেলখাদ নিলামকৰণ, জি এছ টি, বিমুদ্ৰাকৰণ, ছয় জনগোষ্ঠীক মৰ্যাদা প্ৰদান নকৰা ইত্যাদি স্পৰ্শকাতৰ বিষয়বস্তুৰ সন্দৰ্ভত শাসনাধিষ্ঠ বিজেপি চৰকাৰে গ্ৰহণ কৰা অসম বিৰোধী নীতি সমূহ চোকা ভাষাৰে সমালোচনা আৰু ইয়াৰ তীব্ৰ বিৰোধিতা কৰে।

ইফালে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ সমাগত পঞ্চায়ত নিৰ্বাচনত বিজেপি চৰকাৰে লাভ কৰিব বুলি শাসনাধিষ্ঠ চৰকাৰলৈ শেল নিক্ষেপ কৰে এতোৱা মুণ্ডাই।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close