Uncategorizedঅসম

দেৰগাঁৱত অসুস্থ কণ কণ ছাত্ৰ-ছাত্ৰী:খাদ্যৰ বিষক্ৰিয়া

দেৰগাঁৱৰ পৰা আব্দুল মান্নাফ, প্ৰথম খবৰ : বৃহস্পতিবাৰে দেৰগাঁৱত বিদ্যালয়ত পাঠদান চলি থকা অৱস্থাতে ঢলি পৰে কেইগৰাকীমান ছাত্ৰ ছাত্ৰী। তাৎক্ষণিকভাৱে অসুস্থ ছাত্ৰ ছাত্ৰী সকলক ভৰ্ত্তি কৰোৱা হয় স্থানীয় চিকিৎসালয়ত।

চিকিৎসালয়ত পৰি থকা এই সকল ছাত্ৰ ছাত্ৰী হৈছে ১ নং দুলীয়া বস্তী প্ৰাথমিক বিদ্যালয়ৰ। বিদ্যালয় চলি থকা অৱস্থাত এটি এটিকৈ ছাত্ৰ ছাত্ৰী অসুস্থ হৈ পৰে। প্ৰথম অৱস্থাত শিক্ষকে দুগৰাকী ছাত্ৰীক নিজ গৃহত চমজাই থৈ আহে যদিও ক্ৰমাত এটি এটিকৈ ছাত্ৰ ছাত্ৰী মুৰৰ বিষ আৰু পেটৰ বিষত আক্ৰান্ত হোৱাত পৰিস্থিতি অধিক অৱনতি ঘটে।  ইয়াৰে ৭ গৰাকী ছাত্ৰীক ততাতৈয়াকৈ স্থানীয় মিছামৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় আৰু প্ৰায় ১২ জন ছাত্ৰ ছাত্ৰীক বিদ্যালয়তে চিকিৎসকৰ এটা বিশেষ দলে চিকিৎসা প্ৰদান কৰে। এই ঘটনাক লৈ বিদ্যালয়খনত সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ। ঘটনাস্থলিত উপস্থিত হয় দেৰগাওঁ আৰক্ষী।

একাংশৰ মতে বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত বিষক্ৰিয়া আক্ৰান্ত হৈছে ছাত্ৰ ছাত্ৰী। আনহাতে বিদ্যালয় খনৰ শিক্ষক আৰু খণ্ড বিষয়া গৰাকীৰ মতে মধ্যাহ্ন ভোজনৰ আগতেই অসুস্থ হৈছিল ৩ গৰাকী ছাত্ৰী। চিকিৎসকৰ মতে কোনোধৰণৰ খাদ্যৰ বিষক্ৰিয়া হোৱা নাই এগৰাকী ছাত্ৰী অসুস্থ হোৱা দেখি ভয়ত বিতত হৈ এনে পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে  ফুড ইন্চপেক্টৰ, আৰক্ষী আৰু চিকিৎসকৰ সমুহীয়া তদন্ততহে প্ৰকৃত সত্য পোহৰলৈ আহিব।

Related Articles

Leave a Reply

Close