অসম

দেৰগাঁৱত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ শুভাৰম্ভ 

দেৰগাঁৱৰপৰা আব্দুল মান্নাফ, প্ৰথম খবৰ:দেওবাৰে দেৰগাঁৱৰ ৩নং গেটৰ চুপাৰ মাৰ্কেট কমপ্লেক্সত শুভ উদ্ধোধন কৰা হয় প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ গোলাঘাট জিলাৰ কেন্দ্ৰটো। এই কেন্দ্ৰটোৰ জড়িয়তে জিলাখনৰ নিবনুৱা যুৱক-যুৱতী সকলে বিভিন্নধৰণৰ কাৰিকৰী শিক্ষা গ্ৰহণ কৰি স্বাৱলম্বী হোৱাৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। কম্পিউটাৰ,  বিউটিচিয়ান,ইলেক্ট্ৰিকেলচ,এম্ব্ৰ’ইদাৰী আদি বিভিন্ন ধৰণৰ কাৰিকৰী শিক্ষা বিনামূলীয়াকৈ গ্ৰহণ কৰিব পাৰিব এই কেন্দ্ৰটোত। এটা দলত বিভিন্ন শিতানত একেলগে মুঠ ৬০০ প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ দিয়াৰ সুবিধা আছে কেন্দ্ৰটোত।

উদ্ধোধনী অনুষ্ঠানত বিশেষভাৱে উপস্থিত থাকে দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী । কেন্দ্ৰটো উদ্ধোধনো কৰে বিধায়ক গৰাকীয়ে ।

Related Articles

Leave a Reply

Close