অসম

দৌলাশালত ড° ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যুবাৰ্ষিকী পালন

চেঙাৰ পৰা মইদুল ইছলাম,প্ৰথম খবৰ: ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী জিলাৰ দৌলাশালতো আজি ভাস্কৰ সামূহিক কেন্দ্ৰৰ উদ্যোগত বিগত বছৰবোৰৰ দৰে সুধাকণ্ঠ ড°ভূপেন হাজৰিকাৰ ষষ্ঠ মৃত্যুবাৰ্ষিকী দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হয়। দৌলাশালৰ অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান ভাস্কৰ সামূহিক কেন্দ্ৰৰ বাকৰিত অনুষ্ঠিত মৃত্যুবাৰ্ষিকী অনুষ্ঠানত পতাকা উত্তোলন কৰে কেন্দ্ৰৰ সভাপতি বাবুল বণিক্যই। বৃক্ষ ৰোপণ কৰে কেন্দ্ৰৰ উপসভাপতি মৃত্যুঞ্জয় পাঠকে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বন্তি প্ৰজ্বলন কৰে সাংবাদিক তথা বিৰিণা গোষ্ঠী, অসমৰ মুখ্য সম্পাদক লীলাধৰ পাঠকে। সুধাকণ্ঠৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে বিশিষ্ট ব্যৱসায়ী তথা সমাজকৰ্মী কিশোৰ কুমাৰ নাথে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে দৌলাশাল উন্নতি সাধিনী সভাৰ সভাপতি বিনোদ কুমাৰ বৰ্মনে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সমৱেত ৰাইজে হাজৰিকাদেৱৰ ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক কালজয়ী গীতটো পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কলি তোলে।

তাৰ পিছতে ভাস্কৰ সামূহিক কেন্দ্ৰৰ সভাপতি বাবুল বণিক্যৰ সভাপতিত্বত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। কেন্দ্ৰৰ সমাজ সেৱাৰ সম্পাদক ঘনশ্যাম তালুকদাৰে আঁত ধৰা সভাখনত কেইবাগৰাকী বক্তাই সুধাকণ্ঠৰ স্মৃতি ৰোমন্থন কৰি বক্তব্য আগবঢ়ায়। দুপৰীয়া ভাগৱত পাঠ কৰে পাঠক কামিনী নাথে। সন্ধিয়া স্থানীয় শিল্পীৰ দ্বাৰা ভূপেন্দ্ৰ সংগীতানুষ্ঠানৰ আয়োজন কৰা বুলি জানিবলৈ দিয়ে ভাস্কৰ সামূহিক কেন্দ্ৰৰ সম্পাদক অৱনী নাথে ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close