অসম

দৌলাশাল কালী মন্দিৰত নাগাৰা নাম অনুষ্ঠান সম্পন্ন

চেঙাৰপৰা মইদুল ইছলাম,প্ৰথম খবৰ:নলবাৰী জিলাৰ দৌলাশাল শনিবাৰে সন্ধিয়া শ্ৰী শ্ৰী মা কালী নাগাৰা নাম উদযাপন সমিতিৰ উদ্যোগত ৰাইজৰ মঙ্গলাৰ্থে দুটাকৈ মহিলা নাগাৰা নাম দলে নাগাৰা নাম পৰিবেশন কৰে।

শ্ৰী শ্ৰী কালী মন্দিৰ প্ৰাঙ্গনত বিগত সোতৰ বছৰে উদযাপন কৰি অহা নাগাৰা নাম অনুষ্ঠানত এইবেলি কামৰূপ জিলাৰ বৰহাইদ্দা মা ভাগৱতী ছোৱালী নাগাৰা নাম দলৰ পাঠিকা জ্যোতিৰেখা কলিতা আৰু হালোগাঁও মা মনসা ছোৱালী নাগাৰা নাম দলৰ পাঠিকা বৰষাৰাণী দাসে নাম পৰিবেশন কৰাৰ লগতে কেইবাটাও দৃষ্টিনন্দন ভংগীমা প্ৰদৰ্শনেৰে ভক্তপ্ৰাণ ৰাইজক আপ্লুত কৰে বুলি জানিবলৈ দিয়ে উদযাপন সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে জিতেন নাথ আৰু ঘনশ্যাম তালুকদাৰে।

দৌলাশাল ভাস্কৰ সামূহিক কেন্দ্ৰৰ সভাপতি বাবুল বণিক্য আৰু দৌলাশাল উন্নতি সাধিনী সভাৰ সম্পাদক ফুকন নাথে আঁত ধৰা নাগাৰা নাম অনুষ্ঠানটো উদ্বোধন কৰে দৌলাশাল আৰক্ষী চকীৰ সহ উপ- পৰিদৰ্শক বিচিত্ৰ চৌধুৰীয়ে। অনুষ্ঠানটোত কেইবাবছৰ ধৰি পূৰ্ণ সহযোগিতা আগবঢ়াই অহা বৰপেটাৰ ধৰ্মপ্ৰাণ দম্পতী হীৰেণ শৰ্মা আৰু উৎপলা দেৱীক বিশেষভাৱে সম্বৰ্ধনা জনোৱাৰ উপৰি দৌলাশাল এম ভি স্কুলৰ প্ৰধান শিক্ষক নুৰুল ইছলাম,বালাট্টাৰী প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কনক ঠাকুৰীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায়।

উদযাপন সমিতিৰ সদস্য নিকুঞ্জ নাথ আৰু জগদীশ বৰ্মনে জানিবলৈ দিয়ামতে আজিৰ পৰা কুৰি বছৰ আগতে দৌলাশাল গাঁওত দেখা দিয়া অপায়–অমঙ্গলবোৰৰ পৰা ৰাইজক ৰক্ষা কৰাৰ হেতু কেইজনমান উদ্যমী যুৱকৰ প্ৰচেষ্টাত ৰাইজৰ মঙ্গল কামনা কৰি দৌলাশালস্থিত শ্ৰী শ্ৰী কালী মন্দিৰত এই নাগাৰা নামৰ আয়োজন কৰা হৈছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close