অসম

দৌলাশাল হাইস্কুলত শিক্ষকৰ ৰূপত বিধায়ক নাৰায়ণ ডেকা

চেঙাৰ পৰা মইদুল ইছলাম, প্ৰথম খবৰ: “মই কেতিয়াও শিক্ষক হ’ব নোৱাৰো। শিক্ষক নিজে গঢ়া বস্তু নহয়, শিক্ষকতা গুণটো ঈশ্বৰ প্ৰদত্ত।”দৌলাশাল হাইস্কুলত শিক্ষকৰ ৰূপত অৱতীৰ্ণ হৈ এই মন্তব্য কৰে বৰক্ষেত্ৰীৰ বিধায়ক নাৰায়ণ ডেকাই।

নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশাল হাইস্কুলত এম এচ ডি পি আঁচনিৰ অধীনত ১১,২৬,০০০ টকাৰে নিৰ্মিত দুটা অতিৰিক্ত শ্ৰেণী কোঠাৰ আজি শুভ উদ্বোধন কৰে স্থানীয় বিধায়ক নাৰায়ণ ডেকাই। নতুন শ্ৰেণী কোঠা উদ্বোধন কৰি নাৰায়ণ ডেকাই ষষ্ঠ শ্ৰেণীৰ ক শাখাৰ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰে।বিধায়ক নাৰায়ণ ডেকাই সাধাৰণ জ্ঞানৰ ওপৰত ছাত্ৰ-ছাত্ৰীসকলক আভাস দিয়াৰ লগতে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি আব্ৰাহম লিংকন আৰু ভাৰতবৰ্ষৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডঃ এপিজে আব্দুল কালামৰ জীৱন -বৃত্তান্তৰ দুটি গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে।

বিধায়কৰ উপস্থিতিত নতুন শ্ৰেণী কোঠাত পাঠদানৰ শুভাৰম্ভ কৰে জ্যেষ্ঠ শিক্ষক গুৰুচৰণ পাঠকে। সহ শিক্ষক গণেশ তালুকদাৰে আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোত হাইস্কুলখনৰ প্ৰধান শিক্ষক ভবেন কুমাৰ কলিতাই বিদ্যালয়খনৰ অভাৱ-অভিযোগসমূহ বিধায়কগৰাকীক অৱগত কৰায়।

উল্লেখ্য যে,  ইয়াৰ পূৰ্বে দৌলাশালস্থিত শ্ৰীশ্ৰী কানাই-বলাই আদি থান সত্ৰত বিধায়ক পুঁজিৰ অধীনত নিৰ্মাণ হ’বলগীয়া অতিথিশালাৰ আধাৰশিলা স্থাপন কৰে স্থানীয় বিধায়ক নাৰায়ণ ডেকাই।

Related Articles

Leave a Reply

Close