অসম

দৰঙত স্বৰচিত কবিতাৰ পাণ্ডুলিপি প্ৰতিযোগিতা

দেওমৰনৈৰ পৰা নিৰঞ্জন শইকীয়া,প্ৰথম খবৰঃ  দৰং জিলাৰ বৃহত্তৰ
দেওমৰনৈ অঞ্চলৰ একমাত্ৰ প্ৰকাশন গোষ্ঠী জে. জ্যোতি উত্তৰণ প্ৰকাশনৰ উদ্যোগত আৰু এগৰাকী যুব প্ৰতিভাসম্পন্ন কবি, উপন্যাসিক জয়ন্ত ৰাজবংশীৰ পৰিচালনাত অসম ভিত্তিত এখনি স্বৰচিত কবিতা পাণ্ডুলিপি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। এই প্ৰতিযোগিতাত বিজয়ী সকলক নগদ ধন , প্ৰসস্তি পত্ৰ আৰু গ্ৰন্থৰ টোপোলাৰে পুৰস্কৃত কৰা হ’ব। প্ৰতিযোগিতাত একাদশ বৰ্ষৰ পৰা ৩০ বছৰ বয়সৰ সকলো প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিব পাৰিব বুলি জানিবলৈ দিছে জে.জ্যোতি উত্তৰণ প্ৰকাশনৰ অধ্যক্ষ জয়ন্ত ৰাজবংশীয়ে। প্ৰতিযোগিতাখনত ৩ টাকৈ কবিতা জমা দিব লাগিব। কবিতাৰ পাণ্ডুলিপি পঠোৱাৰ ঠিকনা = জয়ন্ত ৰাজবংশী , সম্পাদক , অজয় ডেকা, সহঃ সম্পাদক জে . জ্যোতি উত্তৰণ প্ৰকাশন , খাৰখোৱাপাৰা।ফোন নং=8751905782, 7002818202,

Related Articles

Leave a Reply

Close