অসম

দৰঙৰ DTO ৰ অদ্ভুত কাণ্ড

প্ৰথম খবৰ, মংগলদৈ /দেওমৰনৈ: দৰং জিলাৰ DTO ই ব্যৱহাৰ কৰা চাৰিচকীয়া গাড়ী চুৰিক লৈ আৰক্ষীক ভুল তথ্য প্ৰদান । গুৱাহাটীত চুৰি হোৱা গাড়ীৰ এজাহাৰ দিলে মংগলদৈত চুৰি হোৱা বুলি । আৰক্ষীৰ হেচাত মুখ খুলিলে DTO ৰ ব্যক্তিগত গাড়ী চালকে । DTO ৰ নিৰ্দেশ মতেই ভাৰাঘৰৰ গেটৰ তলা ভাঙি পেলালে নদীত । আৰক্ষীক ভুল তথ্য দিয়াৰ অভিযোগ DTO ৰ বিৰুদ্ধে। দৰং জিলাৰ পৰিবহন বিষয়া দীপাঞ্জলী বৰাৰ শেহতীয়া এক কৰ্ম কাণ্ডই সকলোৰে চকু কপালত উঠিছে । নিজ কাৰ্যালয়ৰ চৰকাৰী গাড়ী AS-01-DC -0047 নম্বৰৰ গাড়ীখন যোৱা ২৭ অক্টোবৰ চুৰি হৈছিল গুৱাহাটীৰ পৰা । কিন্তু বিষয়া গৰাকীয়ে মংগলদৈ শান্তি পাৰাত থকা ভাৰাঘৰৰ পৰা ৩১ অক্টোবৰ তাৰিখে চুৰি হোৱা বুলি মঙলদৈ থানাত এজাহাৰ দাখিল কৰে। পিছত মঙলদৈ আৰক্ষীয়ে অনুসন্ধান কৰি আচল তথ্য উলিয়াবলৈ সক্ষম হয়।

পৰিবহন বিষয়া জনৰ ব্যক্তিগত গাড়ী চালক জনৰ আৰক্ষীক দিয়া ভাষ্য অনুসৰি গাড়ী খন মংগলদৈৰ পৰা চুৰি হোৱা নাই বুলি প্ৰকাশ কৰে। লগতে গাড়ী খন মংগলদৈ পৰা চুৰি হোৱা বুলি দেখাবলৈ ব্যক্তিগত চালক গৰাকীক ভাৰাঘৰৰ গেটৰ তলা ভাঙি নদীত পেলাই দিবলৈ আদেশ দিছিল বিষয়া গৰাকীয়ে। এতি প্ৰশ্ন হ’ল গুৱাহাটীত চুৰি হোৱা গাড়ী খন মঙলদৈত চুৰি হোৱা বুলি চাৰিদিন পিছত কিয় এজাহাৰ দাখিল কৰিলে। প্ৰকৃততে চৰকাৰী গাড়ী খন চুৰি হৈছিলনে নাই । এই সকলো বিলাক বিষয়ৰ ওপৰত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ব্যক্তিগত চালক গৰাকীক সোধ পোছৰ পৰিৱৰ্তে পৰিবহন বিষয়াগৰাকী পলায়ন কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close