অসম

ধুবুৰীত ইন্দিৰা গান্ধীৰ ১০০তম জন্ম দিৱস পালন

প্ৰথম খবৰ, ধুবুৰী: আজি  ধুবুৰী ৰাজীৱ ভৱনত ৰাতিপুৱা ৯  বজাৰ পৰা প্ৰয়াত  প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ ১০০তম জন্ম দিৱস পালন কৰা হয় আৰু লগতে ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ সহযোগত দুপৰীয়া ১২ বজাত প্ৰয়াত প্ৰধানমন্ত্ৰী ইন্দিৰা  গান্ধীৰ জাতিৰ প্ৰতি আৰু দলৰ প্ৰতি থকা অৱদানৰ বিষয়ে আৰু তেওঁৰ সংগ্ৰামী জীৱনক লৈ এখন সাধাৰণ সভাৰ আয়োজন কৰা হয়।

উক্ত সভাখনত সভাপতিত্ব কৰে ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ সভাপতি উত্তম  কুমাৰ সৰকাৰে। উক্ত সভাখনত ধুবুৰী জিলা কংগ্ৰেছ কমিটীৰ বিষয়ববীয়া, ব্লক কংগ্ৰেছ কমিটী, কংগ্ৰেছৰ ভাতৃ সংগঠনসকলৰ লগতে বহুতো কংগ্ৰেছ সমৰ্থক ৰাইজ  উপস্থিত থাকি সভাখন সাফল্যমণ্ডিত কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close