অসম

ধেমাজি আছুৰ আন্তঃ আঞ্চলিক ফুটবলত মাছখোৱা আছু বিজয়ী

প্ৰথম খবৰ, চিচিবৰগাঁও: সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত চিলাপথাৰস্থিত ৰাজীৱ গান্ধী ক্ৰীড়া ও সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত কৰা আন্তঃ আঞ্চলিক ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত খেলখনিত মাছখোৱা আঞ্চলিক ছাত্ৰ সন্থাৰ দলে বিজয়ী খিতাপ দখল কৰে।

উল্লেখ্য যে, মাছখোৱাৰ দলে জীয়াধল আঞ্চলিক ছাত্ৰ সন্থাৰ ফুটবল দলক (পেনাল্টীৰ সহায়ত) ধৰাশায়ী কৰে।
স্মৰ্তব্য যে, খেলত উপস্থিত থাকে সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি চিত্তৰঞ্জন বসুমতাৰী, কাৰ্যনিৰ্বাহকৰ সদস্য মন্টুৰাজ বৰুৱা, জিলা ছাত্ৰ সন্থাৰ সভাপতি ভাগ্যৱান দলে, সাধাৰণ সম্পাদক কৃষ্ণৰঞ্জন চুতীয়া, ক্ৰীড়া সম্পাদক মনোৰঞ্জন চেতিয়া, অন্যান্য বিষয়ববীয়া আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি দেৱেন ডেকা, সাধাৰণ সম্পাদক অৰবিন্দ গগৈ, যুটীয়া ক্ৰীড়া সম্পাদকদ্বয় শিৱৰঞ্জন টাইড আৰু মনোজ কুমাৰী টায়েকে ধৰি অন্যান্য বিষয়ববীয়া সকল।

Related Articles

Leave a Reply

Close