অসম

নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত কাণ্ড

নগাঁৱৰপৰা ৱাহিদুদ জামান, প্ৰথম খবৰ: চালকৰ অনুজ্ঞাপত্ৰৰ বাবে প্ৰয়োজনীয় মেডিকেল ৰিপৰ্ট বিচাৰি যোৱা এগৰাকী কলেজীয়া ছাত্ৰীক চিকিৎসকে অপদস্থ কৰা ঘটনাই নগাঁৱত চাঞ্চল্য সৃষ্টি কৰাৰ লগতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
আজি এই ঘটনা সংঘটিত হয় নগাঁও শ্বহীদ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লত। অভিযোগ অনুসৰি চিকিৎসালয়খনৰ এগৰাকী চকু বিশেষজ্ঞ চিকিৎসকৰ ওচৰত আজি নগাঁও চহৰৰ সমীপৰ ৰিতুজা বৰা নামৰ ছাত্ৰীগৰাকীয়ে চালকৰ অনুজ্ঞাপত্ৰৰ বাবে প্ৰয়োজন হোৱা মেডিকেল ৰিপৰ্টৰ বাবে মহিলা চিকিৎসকগৰাকীৰ কাষ চাপে। চকু চিকিৎসক গৰাকীয়ে ছাত্ৰীগৰাকীৰ পৰা মেডিকেল ৰিপৰ্টৰ বাবে ১০০ টকা উৎকোচ বিচাৰিছিল।

ছাত্ৰী গৰাকীয়ে এই কথাত প্ৰতিবাদ কৰাত চিকিৎসকগৰাকীয়ে ছাত্ৰীগৰাকীৰ মেডিকেল ৰিপৰ্টৰ কাগজখন ফালি পেলোৱাৰ লগতে ছাত্ৰী গৰাকীক প্ৰহাৰ কৰিবলৈ চোচা লৈ আহে। এই ঘটনাক কেন্দ্ৰ কৰি চিকিৎসালয় খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পৰৱৰ্তী সময়ত চিকিৎসালয় খনৰ আৰক্ষী থানাৰ আৰক্ষী আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

চিকিৎসালয়খনত সংঘটিত এই ঘটনাই নগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। উল্লেখ্য যে, নগাঁৱৰ এই চিকিৎসালয়খনত এক অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। এই চিকিৎসালয়খনত চিকিৎসকে ৰোগীৰ পৰা বিচৰা উৎকোচ পৰিশোধ কৰিব নোৱাৰি চিকিৎসালয়খনৰ পৰা ৰোগী পলায়ন কৰাৰো অভিযোগ আছে।

বিভিন্ন সময়ত চিকিৎসালয়খনৰ এনে কেতবোৰ বিষয়ে সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছে যদিও চিকিৎসালয় খনৰ কৰ্তৃপক্ষই কোনো উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰাত নগাঁৱৰ সচেতন মহল ক্ষোভিত হৈ পৰিছে। এই ক্ষেত্ৰত সচেতন মহলে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

 

Related Articles

Leave a Reply

Close