অসম

নগাঁৱত তিনি লেনযুক্তন ৰাজ্যিক ঘাই পথ নিৰ্মানে সৃষ্টি কৰিব পৰা সমস্যা সন্দৰ্ভত উপায়ুক্ত অভিযোগ 

নগাঁৱৰ পৰা ৱাহিদুদ জামান,প্ৰথম খবৰ: নগাঁও পৌৰ সভাৰ অন্তৰ্গত ১,২,৩,৪ আৰু ২২ নং ৱাৰ্ডৰ যৌথ উন্নয়ন সমিতিয়ে গুৱাহাটীৰ পৰা কলিয়াবৰ নলতলীলৈকে নিৰ্মাণ কৰি থকা তিনিলেন যুক্ত ৰাজ্যিক ঘাই পথত নগাঁও চহৰৰ পুৰণা এ টি ৰোডৰ লগতে একাংশ এলেকা ওখকৈ পথ নিৰ্মাণ কৰাত ক্ষোভৰ সৃষ্টি হৈছে। এইদৰে পথ নিৰ্মাণ কৰাৰ ফলত পথসমুহৰ কাষত থকা ঘৰসমুহ এজাক বৰষুণ আহিলেই প্লাৱিত হোৱাৰ সম্ভাৱনা আছে। এই সন্দৰ্ভত যৌথ বাৰ্ড সমিতিয়ে নগাঁও জিলা উপায়ুক্তক দিয়া এখন স্মাৰক পত্ৰত এই কথা উল্লেখ কৰি এই সম্ভাৱনা ব্যক্ত কৰিছে যে,এই অঞ্চলত কৃত্ৰিম বানৰ কবলত পৰিব।

উল্লেখ্য, এই এলেকাত এখন বজাৰ থকাৰ লগতে জনসংখ্যাৰ ঘনত্ব‌ও বেছি। সেয়ে ৰাজ্যিক ঘাইপথে এই এলেকাত সৃষ্টি কৰিব পৰা সম্ভাব্য সমস্যা সমাধানৰ লগতে বিকল্প ব্যৱস্থা গ্ৰহণ কৰিবলৈ নগাঁও জিলা উপায়ুক্তক সমিতিয়ে দাবী জনাইছে।এই অভিযোগ পত্ৰখনত আৰু উল্লেখ কৰা মতে, হয়বৰগাও বজাৰ এলেকাকে ধৰি কিছু এলেকাত নতুনকৈ ১১ কেভি বৈদ্যুতিক লাইনৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। উচ্চ ক্ষমতা সম্পন্ন এই বিদ্যুত সংযোগ হোৱাৰ বাবে এই অঞ্চলত দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। তদুপৰি এই সংযোগৰ ফলত বহু লোকৰ ঘৰৰ ওপৰেৰে তাঁৰ গৈছে। সাম্ভাব্য দুৰ্ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি এই ক্ষেত্ৰতো ব্যৱস্থা ল’বলৈ উপায়ুক্তক দাবী জনোৱাৰ ওপৰিও এই এলেকাত নলা-নৰ্দামাৰ সু-ব্যৱস্থা কৰা, জনস্বাস্থ্য বিভাগৰ দ্বাৰা যোগান ধৰা পানী যোগান ব্যৱস্থাৰ ক্ষেত্ৰত দেখা দিয়া সমস্যা সমাধান কৰাকে ধৰি কেবাটাও দাবী স্মাৰক পত্ৰত উল্লেখ কৰিছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close