অসম

নগাঁৱৰ ছাত্ৰৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ গ্ৰহণৰ যোগ্যতা অৰ্জন

প্ৰথম খবৰ, নগাঁও: ৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘এবেকাচ’ প্ৰতিযোগিতাত অংশ গ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছে নগাঁৱৰ খ্ৰীষ্টজ্যোতি স্কুলৰ ছাত্ৰ মানসজ্যোতি দাসে। নগাঁও চহৰৰ অগ্ৰনী শিক্ষানুষ্ঠান খ্ৰীষ্টজ্যোতি স্কুলৰ ৪ৰ্থ শ্ৰেণীৰ ছাত্ৰ মানসজ্যোতি দাসে গুৱাহাটী খানাপাৰাৰ পশু চিকিৎসালয় মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ‘এবেকাচ’ প্ৰতিযোগিতাত লেবেল – ৩ শাখাত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। আলোহা টিনিটটচ্ আসাম ( ALOHA Abacus learning of higher Arithmetic ) ৰ দ্বাৰা আয়োজিত স্থান প্ৰাপ্তিয়ে মানসে ৩০ ডিচেম্বৰৰ পৰা চেন্নাইত হ’বলগীয়া ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে যোগ্যতা অৰ্জন কৰিছে।

উল্লেখ্য যে গুৱাহাটীত প্ৰথম স্থান অৰ্জন কৰা মানসক উদ্যোক্তা সকলে মানপত্ৰ আৰু ট্ৰফীৰে পুৰস্কৃত কৰে। ছাত্ৰ জনৰ সাফল্যত খ্ৰীষ্টজ্যোতি স্কুলত আনন্দৰ পৰিবেশ সৃষ্টি কৰিছে। শিক্ষানুষ্ঠান খনৰ কৰ্তৃপক্ষই মানসে চেন্নাইতো স্থান লাভ কৰাৰ আশা প্ৰকাশ কৰিছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close