অসম

নগৰবেৰাত ঠেলাতে প্ৰসূতিৰ প্ৰসৱ

নগৰবেৰাৰপৰা মিজানুৰ ৰহমান, প্ৰথম খবৰ:।কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰাৰ ভখুৰাদিয়াত আজি এগৰাকী প্ৰসূতিয়ে পথতেই কন্যা সন্তান জন্ম দিয়া ঘটনাই ৰাজ্যৰ স্বাস্থ্য আৰু গড়কাপ্তানি বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দিছে। জানিব পৰা মতে, ভখুৰাদিয়া গাঁৱৰ স্বাহাদত আলীৰ পত্নী ৰেহেনা খাতুনে গৰ্ভৱতী হোৱাত আজি গৰ্ভধাৰণৰ বাবে ঠেলাগাড়ীৰে নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ আনি থকা অৱস্থাত মহিলা গৰাকীয়ে আধাবাটতে ঠেলাগাড়ীৰ মাজত এটি কন্যা সন্তান প্ৰসৱ কৰে। প্ৰসৱৰ পিছত অসুস্থ হৈ পৰা মহিলা গৰাকীক স্থানীয় স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা হয় বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, বাট-পথৰ বিধ্বস্ত অৱস্থাৰ বাবেই প্ৰায়ে ইটোৰ পিছত সিটোকৈ এনে দুৰ্ভাগ্যজনক ঘটনা ঘটি থকাত অঞ্চলবাসী ৰাইজ চিন্তিত হৈছে। জিলাখনৰ বকো সমষ্টিৰ ভিতৰুৱা গ্ৰামঞ্চলত আজিয়ো অব্যাহত থকা বিপৰ্যয় যাতায়াত ব্যৱস্থা সুচল কৰিবলৈ পৰিৱৰ্তন কামী চৰকাৰে কিবা পদক্ষেপ হাতত ল’ব নে?

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close