অসম

নলবাৰীত মহিলা কংগ্ৰেছৰ উদ্যোগত মূল্য বৃদ্ধিৰ প্ৰতিবাদ

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: নলবাৰী জিলা মহিলা কংগ্ৰেছৰ উদ্যোগত নৃত্যব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বিৰুদ্ধে নলবাৰী চহৰত প্ৰতিবাদ সাব্যস্ত কৰা হয়। নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰৰ নেতৃত্বত শতাধিক মহিলাই চহৰত এক সমদলো উলিয়াই আৰু প্ৰতিবাদী মহিলাসকলে গেছ চিলিণ্ডাৰ, পিয়াঁজৰ মালা, খৰি আদিৰে ৰন্ধন কাৰ্য প্ৰদৰ্শন কৰে।

সমদল অংশ গ্ৰহণ কৰা মহিলাসকলে বিজেপি চৰকাৰ হায় হায়, নৰেন্দ্ৰ মোডী হায় হায়, মূল্য বৃদ্ধি ৰোধ কৰক, মূল্য বৃদ্ধিৰে ৰাইজৰ মাধমাৰ সোধোৱা নীতি বন্ধ কৰক, পৰিৱৰ্তনৰ ভুৱা চমক বন্ধ কৰক আদি শ্লোগানেৰে চহৰখন উত্তাল কৰি তোলে।

সমদলত অন্তত এখন সভাত কংগ্ৰেছ নেত্ৰী পাপৰি মালাকৰে কয় যে, বিজেপিয়ে মূল্য বৃদ্ধিৰে ৰাইজক পৰিৱৰ্তন দিছে। নিৰ্বাচনৰ আগত দিয়া প্ৰতিশ্ৰুতি সমূহ পালন নকৰি এতিয়া জনবিৰোধী কাম -কাজ আৰম্ভ কৰিছে। বিৰোধী হৈ থকাতে বিজেপিয়ে মূল্য বৃদ্ধিৰ প্ৰতিবাদ কৰি বৰ্তমানে শাসনত বহি মূল্য বৃদ্ধিৰে ৰাইজক হাৰাশাস্তি কৰিছে। কেইদিনমান পূৰ্বে ঘৰুৱা ৰন্ধন গেছৰ চিলিণ্ডাৰৰ ৯৪ টকাকৈ মূল্য বৃদ্ধি কৰিলে আৰু ব্যৱসায়িক চিলিণ্ডাৰৰো। এনে অৱস্থাত সাধাৰণ ৰাইজৰ লগতে ব্যৱসায়িক সকলো সমস্যাত পৰিছে। এয়াই নহয় বিজেপি সকলো নৃত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধি কৰি ৰাইজক জুৰুলা কৰি আহিছে। ইয়াৰ উত্তৰ ৰাইজে আগন্তুক পঞ্চায়ত নিৰ্বাচনত দিব বুলিও কংগ্ৰেছ নেত্ৰী মালাকৰে ভাষনত দোহাৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close