অসম

নলবাৰীৰ অৰৰা জয়পাল থানত বিজেপিৰ বিশাল সভাত বিধায়ক অশোক শৰ্মা 

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: আজি অসমৰ ৰাইজে উপলব্ধি কৰিছে বিজেপিক শাসনত বহুৱাই। এতিয়া চৌদিশে পৰিবৰ্তনৰ বতাহ বলিছে। সেয়া শিক্ষা, স্বাস্থ্য, কৃষি, দৰিদ্ৰ জনতাৰ আঁচনিয়ে হওঁক। যাৰ বাবে এতিয়া ৰাইজ সমগ্ৰ অসমৰ লগতে নলবাৰী সমষ্টিটোত বিজেপিমুখি হৈছে। নলবাৰীৰ দক্ষিণ প্ৰান্তৰ অৰৰা জয়পাল থানত বিজেপিৰ এখন বিশাল সাংগঠনিক সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মাৰ মন্তব্য এয়া।

বিজেপি নেতা দিলিপ শৰ্মা আৰু কিশোৰ কলিতাই আতঁ ধৰা সভাত নলবাৰী জিলা বিজেপিৰ সভাপতি বনদ্বীপ ডেকাই সভাত ভাষন ৰাখি কয় যে বিজেপিয়ে শাসন লৈ অসমৰ ৰাইজক প্ৰতাৰণা কৰা নাই। প্ৰতিটো দিশতে ৰাইজৰ হৈ কাম কৰি আছে। এনে পৰিৱৰ্তনত ৰাইজৰ আজি মুগ্ধ হৈ বিজেপিৰ ফালে ধাবমান হৈছে। কিন্তু এতিয়া কংগ্ৰেছ তথা বিৰোধী দলে আভুৱাঁভাৰা অভিযোগ তুলি ৰাইজৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিব বিচাৰিছে। এই ক্ষেত্ৰত ৰাইজৰ সজাগ হোৱাৰ প্ৰয়োজন আছে। কাৰণ শাসনত থাকি বিশেষকৈ কংগ্ৰেছ দলে ৰাইজক প্ৰতাৰণা কৰি এতিয়া পঞ্চায়ত নিৰ্বাচন অহা দেখি বিজেপিৰ বিৰুদ্ধে মিছা-আচহুৱা কথাৰে ৰাইজৰ মন ভুলাবলৈ চেষ্টা কৰিছে। সেয়েহে বিজেপিৰ কৰ্মী সকলে ৰাইজৰ মাজত সুমাই যাওঁক আৰু কংগ্ৰেছৰ মিথ্যাচাৰ প্ৰচাৰ কৰক।

তদুপৰি সাংগঠনিক ভেটি মজবুত কৰাত লাগিবলৈ জিলা সভাপতি ডেকাই আহবান জনাই। সভাত জিলা উপ সভাপতি অপূৰ্ব শৰ্মাই ভাষনত কয় যে – বিজেপিৰ বাদে কংগ্ৰেছকে ধৰি আন দলে অসম তথা নলবাৰীৰ উন্নয়ন -বিকাশ সাধন কৰিব নোৱাৰে। কংগ্ৰেছে বিগত পোন্ধৰ বছৰত পঞ্চায়ত সমূহত যি দুৰ্নীতি, অনিয়ম কৰিলে সেয়া বাতৰি কাকতত ৰাইজে জানিব পাৰিছে। এইবেলি আকৌ চিঞৰিব ধৰিছে পঞ্চায়ত নিৰ্বাচন অহা বাবে। আগন্তুক পঞ্চায়ত নিৰ্বাচনত অৰৰাবাসী ৰাইজে কংগ্ৰেছ ইয়াৰ উচিত জবাব দিবলৈও আহবান জনায় জিলা উপ সভাপতি শৰ্মাই। সভাত বিজেপিৰ ৰাজ্যিক সদস্য প্ৰতুল কলিতা, জিলা সাধাৰণ সম্পাদকদ্বয় পুলক শৰ্মা, নিতুল ডেকা, কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত, জিলা যুৱ মৰ্চাৰ সভাপতি পংকজ ডেকা, জিলা অ বি চি মৰ্চাৰ সভাপতি ধনমণি দাস, যুৱ নেতা প্ৰণৱ কুমাৰ ডেকা, দেৱজিত গোস্বামী, মহিলা মৰ্চাৰ সম্পাদিকা, বিজেপি নেতা সৰ্বেশ্বৰ কলিতা সহ পাঁচ শতাধিক ৰাইজ উপস্থিত থাকে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close