অসম

নলবাৰীৰ খাতিকুছিত মহিলা কংগ্ৰেছৰ সভা সম্পন্ন 

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: আজি নলবাৰীৰ খাতিকুছিত বড়িগোগ বনভাগ মহিলা ব্লক কংগ্ৰেছৰ উদ্যোগত এখন জনাকীৰ্ণ কৰ্মী সভা অনুষ্ঠিত হয়। খাতিকুছিৰ কঠাল গুৰ বামুন টোলা প্ৰাথমিক বিদ্যালয় বাকৰিত অনুষ্ঠিত হোৱা সভাত সভাপতিত্ব কৰে কংগ্ৰেছ নেত্ৰী সবিতা কলিতাই।

ব্লক মহিলা কংগ্ৰেছৰ সম্পাদিকা আনোৱাৰা বেগমে আতঁ ধৰা সভাত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুত ভূঞা, নলবাৰী জিলা কংগ্ৰেছৰ উপ সভাপতি শৰৎ কলিতা, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰ, ব্লক কংগ্ৰেছৰ সভাপতি ভূৱনেশ্বৰ কলিতা সহ কেইবাশতাধিক মহিলা উপস্থিত থাকে। সভাত নলবাৰী জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী পাপৰি মালাকৰে ভাষনত কয় যে, কংগ্ৰেছ দলে মহিলা সকলক সন্মান দিব জানে। কিন্তু কেন্দ্ৰ, ৰাজ্যৰ শাসক দল বিজেপিয়ে মহিলাক সামান্যতম সন্মান দিব নাজানে। কেইদিনমান পূৰ্বে কংগ্ৰেছ দলে সমগ্ৰ ৰাজ্যৰ লগতে নলবাৰীটো জি এছ টি ৰ বিৰোধিতা কৰি গনতান্ত্ৰিক ভাৱে আন্দোলন কৰিছিল।

কিন্তু নলবাৰীত বিজেপি চৰকাৰৰ আৰক্ষী বাহিনীয়ে পুৰুষৰ লগতে মহিলা কংগ্ৰেছ কৰ্মী সকলোকো বাধা প্ৰদানৰ কৌশল কৰি অবাধ নিৰ্যাতন চলাইছিল। যাৰ বাবে মোৰ লগতে কেইবাজনো মহিলাৰ পুলিছৰ লাঠি চালনাত আঘাতপ্ৰাপ্ত হ’ব লগা হৈছিল। সেয়েহে বিজেপিয়ে এনেদৰে মহিলা সকলৰ ওপৰত চলোৱা নিৰ্যাতন উচিত জবাব আগন্তুক পঞ্চায়ত নিৰ্বাচনত মহিলা সকলে বিজেপিক দিয়ক কংগ্ৰেছক ভোট প্ৰদান কৰি। সভাত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰদ্যুত ভূঞাই ভাষনত কয় যে, সকলোৰে উন্নয়ন-বিকাশ হ’ব লাগিলে কংগ্ৰেছ চৰকাৰৰ বিকল্প নাই বুলি দোহাৰে।

Related Articles

Leave a Reply

Close