অসম

নলবাৰীৰ বগলচ ৰোড-নদ্দী-বিহামপুৰ পথৰ তথৈবচ অৱস্থা

নলবাৰীৰপৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: নলবাৰীৰ বগলচ ৰোড -নদ্দী -বিহামপুৰ গড়কাপ্তানী পথটো বৰ্তমানে তথৈবচ  অৱস্হাই ৰাইজক জলা কলা খুৱাইছে ৰাইজক। বাৰিষা-খৰালি বুলি কথা নাই। প্ৰতি সময়তে পথটোৰ বৃহৎ বৃহৎ গাতে যাতায়াতত চৰম দুৰবস্থাৰ সন্মুখীন হৈ আহিছে ৰাইজে।

অঞ্চলটোৰ সচেতন ৰাইজে বিগত দিনত ৰাজ্যৰ  পৰিৱৰ্তনমুখী চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীক অনুৰোধ কৰি  আহিছে যদিও  আজিলৈ সুফল নোপোৱাৰ  অভিযোগ তুলিছে।

আনকি ৰাইজে সংবাদ মাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে, চন্দ্ৰমোহন পাটোৱাৰী মাথো এম জি এনৰেগাৰ পথ কেইটামান নাম ফলক লগাই নিজৰ দায়িত্ব সামৰিছে নেকি? এয়া  আগন্তুক পঞ্চায়ত নিৰ্বাচনত ৰাইজে বিচাৰ কৰিব বুলি প্ৰকাশ কৰি অঞ্চলটোৰ এচাম লোকে পুনৰ কয় যে, ধৰ্মপুৰ সমষ্টিত  আজিলৈকে তেঁওলোকৰ বিধায়ক পাটোৱাৰীয়ে চকুত লগা কাম  একো বিশেষ কৰিব পৰা নাই। উল্লেখ্য যে, উক্ত পথটো কিছু  অংশ নলবাৰী সমষ্টিত পৰে যদিও বেছি অংশ ধৰ্মপুৰ সমষ্টিত পৰে।

Related Articles

Leave a Reply

Close