অসম

নলবাৰীৰ ভাংনামাৰিত এন আৰ চিৰ সজাগতা সভা সম্পন্ন

নলবাৰীৰ পৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: আজি নলবাৰীৰ দক্ষিণ প্ৰান্তৰ চৰ অঞ্চলৰ ভাংনামাৰীত এখন এন আৰ চিৰ সন্দৰ্ভত বিশাল সজাগতা সভা অনুষ্ঠিত হয়। সভাত স্থানীয় বিধায়ক নাৰায়ণ ডেকা, নলবাৰীৰ উপায়ুক্ত সঞ্জীৱ কুমাৰ দাস, আৰক্ষী অধীক্ষক হেমন্ত ভট্টাচাৰ্য, নলবাৰী জিলা পৰিষদৰ মূখ্য কাৰ্যবাহী বিষয়া কৃষ্ণা বৰুৱা, সহ কেইবাজনো প্ৰশাসনিক বিষয়া উপস্থিত থাকে।

সভাত বিধায়ক নাৰায়ণ ডেকাই ভাষন ৰাখি কয় যে প্ৰকৃত ভাৰতীয় নাগৰিকে শংকিত হোৱাৰ কাৰণ নাই। মাথোঁ এচাম সমাজ বিৰোধী শক্তি ভুৱা প্ৰচাৰ চলাই আছে আৰু তাক গুৰুত্ব নিদিব, সভাত জিলা উপায়ুক্ত সঞ্জীৱ কুমাৰ দাসে ভাষনত কয় যে কোনো ভাৰতীয় লোকে এন আৰ চি প্ৰকাশ হোৱাৰ পিছত ৰৈ গলেও নাম অন্তৰ্ভুক্ত কৰিবলৈ সুযোগ পাব। মিছাতে এনে অপ্ৰচাৰক বিশ্বাস নকৰিব ৰাইজে ।

সভাত আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ ভট্টাচাৰ্যই ভাষনত কয়, এন আৰ চিৰ বাবে শংকিত হবলগা কোনো কাৰণ নাই। যদি ভাৰতীয় নাগৰিক হয়। কিন্তু এন আৰ চিত নাম নথকা বা ৰৈগলে সুযোগ নোপোৱা সকলে এনেও অসম ত্যাগ কৰিব লাগিব। তদুপৰি ভুৱা প্ৰচাৰ বা এন আৰ চিক বাধা দিয়া সকলৰ বিৰুদ্ধে প্ৰশাসনে কঠোৰ ব্যৱস্থা ল’ব বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে ভাষণত দোহাৰে।

Related Articles

Leave a Reply

Close