অসম

নলবাৰীৰ ৰাস মহোৎসৱত ঢুলীয়া প্ৰতিযোগিতা উদ্বোধনী অনুষ্ঠান

নলবাৰীৰপৰা প্ৰাঞ্জল শৰ্মা, প্ৰথম খবৰ: নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৮৪  সংখ্যক ৰাস মহোৎসৱৰ লগত সংগতি ৰাখি সদৌ অসম ভিত্তিত ঢুলীয়া প্ৰতিযোগিতা আয়োজন কৰা হৈছিল ৪ আৰু ৯ নৱেম্বৰত।

নিশা উক্ত প্ৰতিযোগিতাখনি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসমৰ বিশিষ্ট লোক শিল্পী, পাঠক ৰামচৰণ ভৰালীয়ে। উদযাপন সমিতিৰ সভাপতি তথা বিধায়ক অশোক কুমাৰ শৰ্মা, সম্পাদকদ্বয় পংকজ বৰ্মন, মনোজ কুমাৰ চৌধুৰী, হৰিমন্দিৰৰ সভাপতি চন্দ্ৰ কলিতা, সাধাৰণ সম্পাদক নগেন ডেকা, সাংস্কৃতিক বিভাগৰ নেতৃত্বত হৰেণ ৰাজবংশী, গকুল মহন্ত, পাপৰি মালকৰ, সমাজকৰ্মী গনেশ তামূলীসহ বহু সংখ্যক বিশিষ্ট লোকে উপস্থিত থকা অনুষ্ঠানত উদ্বোধনী ভাষনত পাঠক ৰামচৰণ ভৰালীয়ে কয় যে, লোকসংস্কৃতি ধৰি ৰাখিব লাগিব।

ইয়াৰ প্ৰসাৰ আৰু প্ৰচাৰৰ বাবে আমি সকলোৱে ঐক্যবদ্ধ হ’বৰ হ’ল। তেওঁ চৰকাৰকো উক্ত মঞ্চৰ পৰা আহ্বান জনাইছে। সাতমপুৰুষীয়া এই সংস্কৃতিক ধৰি ৰখাৰ প্ৰচেষ্টা হাতত ল’বলৈ। লোকসংস্কৃতি অবিহনে অসমীয়া সমাজ ব্যৱস্থা জিলিকি নুঠিব। এইবেলি নলবাৰী ৰাস মহোৎসৱ সমিতি আৰু হৰিমন্দিৰ সমিতিয়ে যি প্ৰচেষ্টা হাতত লৈছে  এয়া আদৰণীয় বুলি দোহাৰে।

Related Articles

Leave a Reply

Close