অসম

নাজিৰাত আটছাৰ সহযোগত মানৱ সৰবৰাহকাৰী আটক, বাহনৰ পৰা তিনি কিশোৰ পলাতক ন কিশোৰ উদ্ধাৰ

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: শিৱসাগৰ জিলা আৰক্ষী আৰু চোৰাংচোৱাৰ দায়িত্বহীনতাৰ বাবে জিলাখনৰ বিভিন্ন প্ৰান্তত মানৱ সৰবৰাহকাৰীৰ  চক্ৰৰ দপদপনি অব্যাহত আছে। বিশেষকৈ নাজিৰা মহকুমা বাগিচা অঞ্চল সমূহৰ পৰা উক্ত চক্ৰই সঘনে মানৱ সৰবৰাহ কৰা ৰাইজে দেখা পাইছে। বাগিচা লোকৰ সৰলতাৰ প্ৰতি লক্ষ্যৰাখি মানৱ সৰৱৰাহকাৰী চক্ৰটোৱে বিশেষকৈ কিশোৰ-কিশোৰীক নিজৰ লক্ষ্য হিচাপে বাচি লৈছে।

নাজিৰা আদৰ্শ আৰক্ষী থানা অন্তৰ্গত মেকিপুৰ তিনিআলিৰ সমীপত যোৱা সোমবাৰে নিশা এখন এ এছ ০১ ই চি ৭৪৪৭নম্বৰৰ ৱে’গনাৰ বাহনত গেলেকী বগিচাপৰি পিতা চমেৰ আলিৰ পুত্ৰ হবিবুৰ ৰহমান (২৭)নামৰ লোকজনে আন কেইজনমান সহযোগীৰ হৈতে মিলি বগিচাপৰি পৰা এজন কিশোৰ, হাতীপতি বাগিচা লাইনৰ পৰা আঠজন কিশোৰ আৰু মেকিপুৰ বাগিচা লাইনৰ পৰা তিনিজন কিশোৰ বাহনত লৈ নিশা গুপনে শদিয়া অভিমুখে ৰাওনা হৈছিল। যদিও অসম চাহ জনজাতি ছাত্ৰ সন্থা  আটছাৰ মেকিপুৰ উপ শাখা আৰু আটছা নাজিৰা শাখাই নিশা সন্দেহজনক ৱে’গনাৰ বাহনখন ৰাজপথত ৰখাই মানৱ সৰৱৰাহকাৰী চক্ৰটোক কিশোৰ নিয়া সন্দৰ্ভত সোধাপোচা কৰে। সম সাময়িকভাৱে মানৱ সৰবৰাহকাৰী চক্ৰৰ ৰহমান নামৰ লোকজনে আটছাৰ মেকিপুৰ উপ শাখা আৰু আটছাৰ নাজিৰা শাখাৰ প্ৰতিনিধি বৰ্গক ভয় ভাবুকি দেখুৱাই। যদিও আটছাই ৰহমানৰ পৰা লেবাৰ পাৰমিট বিচৰাত অভিযুক্তই কোনো নথি পত্ৰ দেখুৱাব নোৱাৰে। ফলস্বৰূপে ৰহস্যজনক ভাৱে বাহনৰ পৰা তিনি কিশোৰ পলাই সাৰে। যাৰ বাবে নিশা প্ৰায় দুই শতাধিক ৰাইজ ৰাজপথত উঠি লিগিৰীপুখুৰী মেচ উপাধীৰ  ৱে’গনাৰৰ চালক, সাঁত হাজাৰ টকাত ভাড়ানিয়া বাহনৰ গৰাকী, বাহন সহ মানৱ সৰৱৰাহকাৰী মূল অভিযুক্তক নাজিৰা আৰক্ষীক গতাই দিয়ে।

ৱে’গনাৰ বাহনখন গড়আলি বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত নাজিৰা আদৰ্শ আৰক্ষী থানাই আটছা নাজিৰা শাখাৰ সম্পাদক ঔম প্ৰকাশ চীকৰ এজাহাৰ ভিত্তিত থানাত এক গোচৰ পঞ্জীয়ন কৰি উদ্ধাৰকৃত ন কিশোৰক মহকুমা ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ কৰোৱাই। আদালতে ন কিশোৰক পৰিয়াল বৰ্গক গতাই দি অভিযুক্তৰ ওপৰত কঠোৰ প্ৰদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য যে আৰক্ষী থানাত গেলেকী কলগাঁৱৰ কেইজনমান লোকৰ লগতে লিগিৰীপুখুৰী অঞ্চলৰ এজন ৰাজনৈতিক প্ৰতিনিধি বৰ্গই আচামীক আৰক্ষী থানাৰ পৰা জামিনত মুকলি কৰি নিয়াৰ চেষ্টা চলাই। যাক লৈ বাগিচা অঞ্চলৰ ৰাইজ তথা সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close