অসম

নাজিৰা মহকুমাত সংবিধান দিৱস পালন

শিমলুগুৰিৰ পৰা নেকিবুল হক, প্ৰথম খবৰ: সমগ্ৰ দেশৰ লগতে নাজিৰা মহকুমা সদৰতো আনুষ্ঠানিকভাৱে আজি সংবিধান দিৱস পালন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত এখন বিভাগীয় সভাত সংবিধানৰ প্ৰস্তাৱনা পাঠ আৰু ব্যাখ্যা আগবঢ়ায় মহকুমাধিপতি ডাঃ সদনেক সিঙে। মহকুমাধিপতি কাৰ্যালয় সভাকক্ষত অনুষ্ঠিত সভাত নাজিৰা মহকুমাৰ বিভিন্ন বিভাগৰ বিষয়া – কৰ্মচাৰী সকলক প্ৰস্তাৱনাত সন্নিবিষ্ট মৌলিক আদৰ্শ আৰু বিভিন্ন নীতি সমূহ অনুসৰণ কৰিবলৈ মহকুমাধিপতি গৰাকীয়ে আহ্বান জনায়।

মহকুমাধিপতিৰ গৰাকীৰ উপৰিও সভাত উপস্থিত থাকে সহকাৰী আয়ুক্ত অদিতি বৰ্মন, জনসংযোগ বিষয়া জয়ন্ত মাউত, ভাৰপ্ৰাপ্ত আবকাৰী উপ অধীক্ষক আনন্দ বৰা, যোগান বিভাগৰ পৰিদৰ্শক কামালুদ্দিন আহমেদকে আদি কৰি মহকুমাধিপতি কাৰ্যালয়ৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল।

উল্লেখযোগ্য যে, ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ সংবিধানখন আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা কাৰ্যকৰী কৰা হৈছিল। ২৬ নৱেম্বৰ দিনটোক স্মৰণ কৰিয়েই এই সংবিধান দিৱস সমগ্ৰ দেশতে পালন কৰা হৈছে।

Related Articles

Leave a Reply

Close