অসম

নাহৰকটীয়াৰ নামফাকে বৌদ্ধ বিহাৰত পয় কান্ত সাংঘা আৰম্ভ

প্ৰথম খবৰ, নিউজ ব্যুৰ’: নাহৰকটীয়াৰ নামফাকে বৌদ্ধ বিহাৰত আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে পয় কান্ত সাংঘা উৎসৱ। উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তত থকা বৌদ্ধ ধৰ্মাৱলম্বী লোকৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই উৎসৱক লৈ এতিয়া উখল মাখল পৰিবেশ বৌদ্ধ মঠটোত।

নাহৰকটীয়াৰ নামফাকে বৌদ্ধ মন্দিৰত আজি এক উদুলি মুদুলি পৰিৱেশ। কাৰণ বৃহস্পতিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে এই নামফাকে বৌদ্ধ বিহাৰত অনুষ্ঠিত হৈছে পয় কান্ত সাংঘা চাংখা উৎসৱ। এই উৎসৱৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে পুৱা ভিক্ষু সংঘক অন্নদান, বৌদ্ধ পতাকা উত্তোলন, সম্বৰ্ধনা অনুষ্ঠান আদিৰ পিছতেই অনুষ্ঠিত হয় শ্ৰমণ দীক্ষা অৰ্থাৎ ভিক্ষুত্ব গ্ৰহণ অনুষ্ঠান। উত্তৰপূৰ্বাঞ্চলৰ পায় ১০০গৰাকী যুৱকে এই অনুষ্ঠানতেই গ্ৰহণ কৰে শ্ৰমণ দীক্ষা।

উল্লেখ্য যে নিশালৈ বন্তি প্ৰজ্বলন,বৌদ্ধ সংস্কৃতিৰ তথ্যচিত্ৰ প্ৰদৰ্শনৰ লগতে শুক্ৰবাৰে মুকলি সভাৰ অনুষ্ঠিত হোৱাৰ পিছতেই সামৰণি পৰিব এই মহোৎসৱৰ।

Related Articles

Leave a Reply

Close