শেহতীয়া
Home / অসম / নিষিদ্ধ হ’ব চেক বুক

নিষিদ্ধ হ’ব চেক বুক

ছফিক আহমেদৰ প্ৰতিবেদন,প্ৰথম খবৰ:
চেকবুকৰ প্ৰচলন শীঘ্ৰেই নিষিদ্ধ কৰা হ’ব। বিমুদ্রাকৰণৰ পিছত পুনৰ আন এক কঠোৰ সিদ্ধান্ত গ্ৰহণৰ দিশে আগবাঢ়িছে নৰেন্দ্ৰ মোদী নেতৃত্বাধীন এন ডি এ চৰকাৰ। কোটি কোটি দেশবাসীয়ে ব্যৱহাৰ কৰি থকা বেংকৰ চেক বুক নিষিদ্ধ কৰি মোদী চৰকাৰে ডিজিটেল লেনদেন আৰু নগদবিহীন ভাৰত গঢ়াৰ পৰিকল্পনাক আগবঢ়াই নিব। ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশিত বাতৰি মতে, কেন্দ্ৰ চৰকাৰে শীঘ্ৰেই চেক বুকৰ সুবিধা প্রত্যাহাৰ কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে কেন্দ্র চৰকাৰে ডিজিটেল ৰথ মুকলি কৰি দেশব্যাপী ডিজিটেল লেনদেন আৰু নগদবিহীন অর্থনীতিৰ বাবে সজাগতা অভিযান চলাই আছে। মন কৰিবলগীয়া যে কনফেডাৰেচন অৱ অল ইণ্ডিয়া ট্ৰেডছ (চি আই টি) আৰু মাষ্টাৰ কাৰ্ডৰ সহযোগত যুটীয়াভাৱে চৰকাৰে ডিজিটেল ৰথ কার্যসূচী চলাই আহিছে। উল্লেখ্য যে সম্প্রতি দেশত নগদ আৰু চেক বুকযোগে ৯৫ শতাংশতকৈও অধিক লেনদেন চলি আহিছে। যদি চৰকাৰে চেকবুক নিষিদ্ধ কৰে, তেতিয়াহ’লে ব্যৱসায়ী গোষ্ঠীৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। আনহাতে, বিমুদ্রাকৰণৰ পিছত নগদ ধনৰ লেনদেন হ্রাস কৰি অধিকসংখ্যক লোকে চেকযোগে লেনদেন আৰম্ভ কৰিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*