ৰাষ্ট্ৰীয়

পাপ্পুক নিষিদ্ধ কৰিলে নিৰ্বাচন আয়োগে

নিউজ ডেস্ক, প্ৰথম খবৰঃ ‘পাপ্পু’ শব্দটি সাধাৰণতে ব্যবহাৰ কৰা হয় কংগ্রেছৰ উপ-সভাপতি ৰাহুল গান্ধীক কটাক্ষ কৰি। ছচিয়েল মিডিয়াতে প্ৰথমতে এই “পাপ্পু” শব্দটোৰ প্ৰচলন হৈছিল। পিছলৈ বিজেপি দলে ৰাহুল গান্ধীক আক্ৰমণ কৰিবলৈ  “পাপ্পু” শব্দটো  ব্যপক হাৰত ব্যৱহাৰ কৰিবলৈ ধৰে। যাৰ বাবু পাপ্পু শব্দটো নিৰ্বাচন আয়োগে ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ দিয়ে শাসকীয় দল বিজেপিক। কংগ্রেছক আক্রমণ কৰি ৰাহুল গান্ধীক ‘পাপ্পু’ বুলি অভিহিত কৰি এটি বিজ্ঞাপন সম্প্রতি প্রকাশ কৰিলৈ ওলাইছিল গুজৰাট বিজেপিয়ে। নির্বাচন সম্পর্কীয় বিজ্ঞাপন হোৱাৰ বাবে বিজ্ঞাপনটোৰ স্ক্ৰিপ্ট নির্বাচন আয়োগৰ ওচৰত জমা দিয়া হৈছিল। তেতিয়াই ‘পাপ্পু’ শব্দটোৰ ব্যৱহাৰত আপত্তি কৰে নিৰ্বাচন আয়োগ।

 

 

Related Articles

Leave a Reply

Close