অসমশীৰ্ষ

নিৰ্বাচন কেন্দ্ৰীক জিএছটি,”এক দেশ এক কৰ”ৰ নামত মিথ্যাচাৰ–দূৰ্গা দাস বড়ো

নিউজ ডেস্ক,প্ৰথম খবৰ: একমাত্র নিৰ্বাচন কেন্দ্ৰীক লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি জিএছটি চলাইছে নৰেন্দ্ৰ মোডী চৰকাৰে–আজি ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্র দূৰ্গা দাস বড়োয়ে এক বিস্ফোৰক মন্তব্য আগবঢ়াই| তেওঁ লগতে কয় গুজৰাটত ৬লাখতকৈ অধিক ক্ষুদ্ৰ ব্যৱসায়ীয়ে জিএছটিৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগে লগে দুইদিন পিছত আকৌ এখন বৈঠক পাতি সালসলনি কৰিবলৈ বাধ্য হয়| ইয়াৰ একমাত্র কাৰণ গুজৰাট নিৰ্বাচনত পৰাজিত হোৱাৰ শংকা|
মুখপাত্র গৰাকীয়ে বিজেপিৰ “এক দেশ এক কৰ” কথাষাৰ সম্পূৰ্ণ মিচাঁ বুলি মন্তব্য কৰে| লগতে প্ৰধানমন্ত্রী গৰাকীয়ে নিজেই এই নীতি ভংগ কৰিছে বুলি অভিযোগ আনে|
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক দীগন্ত চৌধুৰীয়ে প্ৰধানমন্ত্রীক প্ৰশ্ন কৰে–কিয় পেট্ৰল আৰু ডিজেলক জিএছটিৰ অন্তভূক্ত কৰা নহল? তেওঁ সদৰি কৰে যে–পৃথিৱীত বৰ্তমান সৰ্বাধিক জিএছটি পৰ্যয্য হোৱা দেশখনেই হ’ল ভাৰতবৰ্ষ| আৰু বিজেপি চৰকাৰে এদিনতে ধনী হোৱাৰ হাবিয়াস ৰাখিছে বুলি কটাক্ষ কৰে|

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close