অসম

পথৰ দাঁতিতে পেলাই দিলে ব্যৱহাৰ কৰা বেজি, চিৰিঞ্জ, ঔষধৰ আৱৰ্জনা

মঙ্গলদৈৰপৰা দুলাল হাজৰিকা, প্ৰথম খবৰ:
যিটো সময়ত সমগ্ৰ ভাৰতবৰ্ষত স্বচ্ছ ভাৰতৰ দৰে চৰকাৰৰ অভিলাসী আঁচনি গ্ৰহণ কৰিছে ঠিক সেই সময়তে পাথৰিঘাট জলজলী সংযোগী পথৰ লোজোৰা গাঁৱত পথৰ দাঁতিতে কোনোবাই পেলাই থৈ যায় ব্যৱহাৰ কৰা বেজী, চিৰিঞ্জ, ঔষধৰ আৱৰ্জনা। হয়টো এই ব্যৱহাৰ কৰা চিৰিঞ্জবোৰে কাৰোবাৰ জীৱনলৈ কঢ়িয়াই আনিব পাৰে অন্ধকাৰ জীৱনৰ বিভীষিকা।

এই পথটোৰে বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বহুতো মানুহ অহা-যোৱা কৰে। এই পেলনীয়া ঔষধৰ আৱৰ্জনাবোৰ ক’ৰ পৰা কোনে আনি পেলাই দিলে ইয়াকে লৈ গাঁওবাসীৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু গাঁওবাসী ৰাইজে ইয়াৰ এটা উচিত তদন্তৰ দাবী জনাইছে।

Related Articles

Leave a Reply

Close