ৰাষ্ট্ৰীয়

পিটাৰে শ্বীনাক অপহৰণ কৰিছিলঃ ইন্দ্ৰাণী

নিউজ ডেস্ক, প্ৰথম খবৰঃ সন্তানৰ হত্যাৰ অভিযোগত বন্দীশালত দিন কটোৱা ইন্দ্ৰাণী মুখাৰ্জীয়ে এইবাৰ স্বামীৰ বিৰুদ্ধে শ্বীনা বৰাৰ হত্যাকাৰী সজাবলৈ ষড়যন্ত্ৰ ৰচনা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।স্বামী পিটাৰ মুখাৰ্জীৰ বিৰুদ্ধে ইন্দ্ৰাণী মুখাৰ্জীক শ্বীনা বৰাৰ হত্যাকাৰী সজাবলৈ সুপৰিকল্পিতভাৱে ষড়যন্ত্ৰ ৰচনা কৰা বুলি চিঠি আকাৰে আদালতক অৱগত কৰে। এই অভিযোগৰ পিছত শ্বীনা বৰা হত্যাকাণ্ডৰ তদন্তই এক নতুন গতি ল’ব বুলি ভবা হৈছে। উল্লেখ্য, ২০১২ চনতেই শ্বীনা বৰাৰ হত্যাকাণ্ড সংঘটিত হৈছিল আৰু সেই হত্যাৰ অভিযোগত স্বামী-স্ত্ৰী দুয়ো কাৰাবন্দী হৈ আছে। যোৱা বুধবাৰে ইন্দ্ৰাণী মুখাৰ্জীয়ে মুম্বাই উচ্চ ন্যায়ালয়ক এইবুলি কয় যে  স্বামী পিটাৰেই ২০১৩ চনত শ্বীনাক অপহৰণ কৰিছিল।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close