অসম

পুৰণিগুদামত ড্ৰাগছ জব্দ

বঢ়মপুৰৰ পৰা নয়নমনি বৰা,প্ৰথম খবৰ: নগাওঁ জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত পুৰণিগুদাম ন-আলিমূৰত কিছু সময় পূৰ্বে আৰক্ষীৰ এটা দলে অভিযান চলাই বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় । জানিব পৰা মতে, সন্ধিয়া এক গোপন সুত্ৰৰ পম খেদি নগাওঁ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুল দাসৰ নেতৃত্বত অহা আৰক্ষীৰ এটা দলে পুৰণিগুদামৰ ন- আলিমূৰত প্ৰায় এক লাখ টকা মূল্যৰ ড্ৰাগছৰ টেবলেট আৰু লিকৰ বটল জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা এ এচ ০২-এল-৩৫৯৭ নম্বৰৰ এখন মটৰ চাইকেল আৰু এ এচ ০২-এ চি-৭৯৪৬ নম্বৰৰ এখন মাল কঢ়িওবা টেম্পু জব্দ কৰে ।

কিন্তু ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকা যুৱক দুজন আৰক্ষীৰ হাতৰ পৰা পলাই সাৰিবলৈ সক্ষম হয় ।

Related Articles

Leave a Reply

Close