অসম

পুৰণিগুদামত বাৰ্ষিক তুলসী প্ৰদান অনুষ্ঠানৰ প্ৰস্তুতি

পুৰণিগুদামৰপৰা দিব্যজ্যোতি ভূঞা,প্ৰথম খবৰ: নগাঁও জিলাৰ পুৰণিগুদাম প্ৰাথমিক ব্ৰাহ্মণ সমাজৰ ব্যৱস্থাপনাত ১২ নৱেম্বৰত দিনযোৰা কাৰ্যসূচীৰে বাৰ্ষিক তুলসী প্ৰদান অনুষ্ঠান অনুষ্ঠিত হ’ব৷

এই অনুষ্ঠানত পুৱা ধৰ্মধব্বজা উত্তোলন কৰিব ব্ৰাহ্মণ সমাজৰ প্ৰাক্তন সভাপতি ধৰণীধৰ খাউণ্ডে৷পুৱা ৯ বজাত স্মৃতি তৰ্পণ কৰিব যোগেন্দ্ৰ শৰ্মাই৷ ইয়াৰ পাছতেই ১০বজাত অনুষ্ঠিত হ’বলগীয়া সংকল্পিত মাংগলিক কাৰ্য শুভাৰম্ভ কৰিব প্ৰদীপ কুমাৰ শৰ্মাই৷

উল্লেখ্য যে,প্ৰতি বছৰৰ দৰে বিষ্ণুৰ চৰণত তুলসী প্ৰদান অনুষ্ঠানত পুৰণিগুদাম প্ৰাথমিক ব্ৰাহ্মণ সমাজৰ অন্তৰ্গত সমূহ ৰাইজৰ উপস্থিতি পুৰণিগুদাম প্ৰাথমিক ব্ৰাহ্মণ সমাজৰ সভাপতি দুলাল শৰ্মা আৰু সম্পাদক তীৰ্থ খাউণ্ডে কামনা কৰিছে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close