গল্পগ্ৰন্থনিবন্ধসাহিত্য

পেডেল মাৰি মাৰি ভাগৰি নপৰা বাবুৱে এইবাৰ লিখিলে কবিতা

স্বৰূপ কাকতি

ৰামধেনুৰ ৰঙেৰে সাজি কাচি পাঠকৰ মাজলৈ আহিছে এক ব্যতিক্ৰমী প্ৰয়াসেৰে এখন মন চুব পৰা কিতাপ ‘ৰামধেনুৰ ৰং হৈ’। কিতাপখন সুন্দৰকৈ সজাই পৰাই পাঠকৰ সন্মুখলৈ আগবঢ়াই দিছে ‘নিয়ন প্ৰকাশনে’। অসমীয়া সাহিত্যিত নতুনকৈ খোজ পেলোৱা তিনিগৰাকী সম্ভাৱনাময় গল্পকাৰ তথা সাতগৰাকী নতুন কবি বিভিন্ন সুৱাদৰ কবিতাসমূহ সন্নিবিষ্ট কৰা হৈছে এই গ্ৰন্থখনত। বাবু বৰুৱা, গীতালি মহন্ত, বন্দনা দত্ত মজুমদাৰ, মেঘালী মজুমদাৰ, ৰূপাঞ্জলী গগৈ হাজৰিকা, জোনালী মজুমদাৰ, পৰিণীতা ডেকা, কল্যানী বৰুৱা আৰু গৌৰাংগ প্ৰসাদ বৰুৱাৰ কবিতা তথা গল্পসমূহ পাঠকে আদৰি ল’ব বুলি তেওঁলোকৰ দৃঢ় বিশ্বাস।

এই কিতাপখনত কণ্ঠশিল্পী বাবু বৰুৱাৰ কবিতাই পাঠকৰ মন আকৰ্ষিত কৰিছে। ‘ভীষ্ম হয়নে’ , ‘মুক্ত’, ‘এটি সপোনৰ আঁত ধৰি’ আৰু ‘কাৰণ একেটাই’ নামৰ কবিতা কেইটাৰদ্বাৰা বাবু বৰুৱাৰ মনৰ কথাবোৰ আগবঢ়াই দিছে কবিতাৰ ভাষাৰে। সংগীতৰ বহল জগতখনত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা বাবুৱে কবিতাৰ ভাষাৰে প্ৰকাশ কৰিছে ‘মোৰ কলমৰ গতি ৰয় যায়, তথাপিও আজৰি পৰত শব্দ সংলঘ্ন কৰি লিখিছোঁ মনৰ আকুলতাবোৰ’। তদুপৰি মেঘালী মজুমদাৰ, ৰূপাঞ্জলী গগৈ হাজৰিকা, গিতালী মহন্তৰ গল্পসমূহে ‘ৰামধেনুৰ ৰং হৈ’ কিতাপখনৰ ভিতৰ চ’ৰা শুৱনি কৰি তুলিছে।

শব্দই হেনো ব্ৰহ্ম, এক গভীৰ মন্তব্য লেখিকা মেঘালী মজুমদাৰৰ। মন কৰিবলগীয়া কথাটো হ’ল যে, এই কিতাপখনত নতুন নতুন লেখক লেখিকাৰ আত্মপ্ৰকাশ হৈছে। সকলোৱে নিজৰ লিখাবোৰ বৰ সুন্দৰকৈ উপস্থাপন কৰিছে।

কিতাপখনৰ বেটুপাত আৰু অংগসজ্জাৰ কামখিনি অতি সুন্দৰ আৰু নিখুঁটভাৱে কৰিছে প্ৰীতম কুমাৰ দাসে। সাহিত্য ভালপোৱা প্ৰতিগৰাকী পাঠকে কিতাপখন পঢ়ি অন্য এক সোৱাদ পাৱ। ইতিমধ্যে কিতাপখনৰ বিষয়ে হিমাংশু প্ৰসাদ দাস, অৰুণ গোস্বামী আৰু নিয়ৰ প্ৰকাশনৰ প্ৰকাশকে সুন্দৰকৈ নিজৰ মন্তব্য আগবঢ়াইছে।

বন্দনা দত্ত মজুমদাৰৰ কবিতাই যেন প্ৰেমৰ বৰষুণ নমাইছে। মৌচুম কুমাৰ উজীৰ কবিতাবোৰে সাহসি কৰিছে মনবোৰ। মাতৃৰ প্ৰেম আৰু মাতৃৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা উনুকিয়াই দিছে কবি গৌৰাংগ প্ৰসাদ বৰুৱাই ‘নিৰৱে নিৰৱে ফাগুণ’ নামৰ কবিতাটোৰ যোগেদি। পৰিণীতা ডেকাৰ কবিতাই নাৰীৰ মনৰ আৱেগ, অনুভূতিবোৰ দাঙি ধৰিছে নিৰৱে থকা সমাজখনক। কোনোবা অৱহেলিত ফুটপাথৰ কাৰোবাৰ বেদনাবোৰ চিনাকি কৰাই দিছে তৃষ্ণা কল্যানীয়ে কবিতাৰ ভাষাৰে। সপোনৰ ৰংবোৰ কবিতাত সাতো ৰঙে বিয়পাই জীপাল কৰি তুলিছে জোনালী মজুমদাৰে।

এক অনন্য প্ৰচেষ্টা ‘ৰামধেনুৰ ৰং হৈ’ ৰস। ভাল লাগিছে। প্ৰতিগৰাকী লেখক-লেখিকালৈ আন্তৰিক শুভকামনা।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close