সম্পাদকীয়

প্ৰকাশ হবনে এন আৰ চিৰ খচৰা?

স্বাধীনতাৰ পূৰ্বে পূৰ্ববংগৰ পৰা পৰিশ্ৰমী মুছলমান অসমলৈ আহিছিল। তেনেকৈ অসমতে থাকিল সেইসকল লোক। তেওঁলোক এতিয়া হাড়ে-হিমজুৱে অসমীয়া। স্বাধীনতাৰ পিছতো আহিল বহুত। তেওঁলোকেও অসমীয়াৰ মাজত জীণ গ’ল। কিন্তু তীব্ৰ আপত্তি অবৈধভাৱে অহাসকলক লৈহে। হবই, কাৰণ এই অবৈধ বাংলাদেশীসকলৰ প্ৰব্ৰজনৰ ফলত  অসমৰ জনগাঁথনি সলনি হোৱাৰ উপক্ৰম হৈছে । আজি এনে এটা পৰ্যায় পাইছেগৈ যে বহুকেইখন জিলাত বাংলাদেশীয়েই চৰকাৰ গঠনৰ মূল চালিকাশক্তি। ৬ বছৰীয়া অসম আন্দোলন হল বিদেশী খেদাৰ নামত। বহু অসমীয়া ডেকাই অকালতে প্ৰাণ দিলে। অসম চুক্তি হল। অগপ গঠন হল অবৈধ বিদেশী খেদাৰ প্ৰতিশ্ৰুতিৰে, সোণৰ অসম গঢ়াৰ সপোনেৰে। কিন্তু  দুৰ্নীতি, ভ্ৰষ্টাচাৰ, সামাজিক পৰিৱেশ বিনষ্টৰ বাদে আন একো নহল। সৃষ্টি হল বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত দ্বন্দ্ব-খৰিয়াল। অৱশেষত উচ্চতম ন্যায়ালয়ৰ হস্তক্ষেপত এন আৰ চি গঠনৰ বাট মুকলি হল। অসমীয়াৰ তেজৰ বিনিময়ত পোৱা এন আৰ চিৰ খচৰা বৰ্তমান প্ৰকাশৰ পথত। এন আৰ চিৰ খচৰা প্ৰকাশৰ পূৰ্বেই  অসমৰ কিছু তথাকথিত বুদ্ধিজীৱীৰ লগতে ৰাজ্য অস্থিৰ কৰি তুলিবলৈ নামনি অসম, মধ্য অসম আৰু বৰাক উপত্যকাৰ কেইবাখনাে জিলাত বাহৰ পাতিছে বহিঃৰাষ্ট্ৰৰ লগতে বহিঃৰাজ্যৰ একাংশ সন্দেহজনক লোক, লগতে সংখ্যালঘু মুছলমান সংগঠনৰ একাংশ। ৰাজ্যখনক উত্তাল কৰি তোলাৰ বাবে একাংশ সংগঠনে চলাইছে তৎপৰতা। চোৰাংচোৱাৰ সূত্ৰই প্রকাশ কৰা অনুসৰি এইক্ষেত্রত বিদেশী ৰাষ্ট্ৰই ধন যোগান ধৰা সম্পর্কতো তথ্য প্ৰকাশ হৈছে৷ তথ্য অনুসৰি পাকিস্তান, বাংলাদেশ, আৰবৰ পৰা অসমলৈ একাংশ সংগঠনৰ যোগেদি বৃহৎ পৰিমাণৰ ধন যোগান ধৰা হৈছে৷ তথ্য অনুসৰি নামনি অসমৰ ধুবুৰী, দক্ষিণ শালমাৰা, বৰপেটা, বঙাইগাঁও , চিৰাং, বাক্সা, নলবাৰী, কামৰূপ, গোৱালপাৰা আদি জিলাৰ লগতে মধ্য অসমৰ নগাঁও, মৰিগাঁও, বৰাক উপত্যকাৰ কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, উত্তৰ অসমৰ লখিমপুৰ, উজনি অসমৰ গোলাঘাট জিলাৰ বিভিন্ন স্থানত এই সংগঠনসমূহে বৈঠক অনুষ্ঠিত কৰি এন আৰ চিৰ খচৰা প্রকাশৰ পূর্বেই ৰাজ্যখন অস্থিৰ কৰি তুলিবলৈ মুছলমান লোকক একত্ৰিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে ৷ চোৰাংচোৱা সূত্রই প্রকাশ কৰা মতে  আমছুৰ লগতে কংগ্রেছ, এ আই ইউ ডি এফৰ স্থিতি সন্দর্ভতো নিৰাপত্তা সংস্থাসমূহক চােকা নজৰ ৰাখিবলৈ কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ লগতে ৰাজ্যৰ গৃহ বিভাগলৈ জৰুৰী বার্তা প্রেৰণ কৰা হৈছে। তদুপৰি এন আৰ চিৰ খচৰা প্রকাশৰ পূর্বে অসমত আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটাৰ শংকা কৰা হৈছে। সেয়ে কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ নিৰাপত্তা বাহিনীৰ ৫০টা অতিৰিক্ত কোম্পানী আইন-শৃংখলাজনিত পৰিস্থিতি  চম্ভালিবলৈ অসমলৈ প্রেৰণ কৰিছে। নামনি অসমৰ লগতে ৰাজ্যৰ ১৪খন জিলাত নিৰাপত্তাৰ দিশটো চােৱাচিতা কৰাৰ লগতে আইন ভংগকাৰীৰ বিৰুদ্ধে সেনাই অভিযান চলােৱাৰ দায়িত্ব গ্রহণ কৰিব বুলি জানিব পৰা গৈছে। উল্লেখ্য, এন আৰ চিৰ খচৰা  ৩১ ডিচেম্বৰত প্রকাশ কৰিবলৈ উচ্চতম ন্যায়ালয়ে ইতিমধ্যে সময় নির্ধাৰণ কৰি দিছে ৷ 

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close