অসম

প্ৰেমিক প্ৰেমিকাৰ নিযুক্তিৰ বজাৰ চলিছিল এপি এছ চিত, বিয়াৰ দিন ঠিক হোৱাৰ পাছতো আউল লাগিল কেইবাগৰাকীও

প্ৰথম খবৰ, নগাঁও: ধনৰ বিনিময়ত এপি এছ চিৰ চাকৰি লৈ অৱশেষত আৰক্ষীৰ ভয়ত পলাই থকা এচিএছ বিষয়া ৰুমী শইকীয়াৰ নগাঁও চহৰৰ পানীগাঁৱৰ জ্যোতিনগৰস্থিত বাসভৱনত নগাঁও আৰক্ষীয়ে দুদিন কৈ বিচাৰি গৈছে যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাই। পলাতক এচিএছ বিষয়া গৰাকীৰ পিতৃ – মাতৃয়েও এই সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰাতে নগাঁও আৰক্ষীয়ে ডিব্ৰুগড় আৰক্ষীক বিষয়টো অৱগত কৰিছে। অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া গোবিন শইকীয়াৰ কণ্যা ৰুমী শইকীয়াৰ অহা বছৰ বিয়াৰ দিন ঠিক হৈছিল। এগৰাকী এপি এছ বিষয়া লগত বিয়া ঠিক হোৱা ৰুমী শইকীয়াই ৰাকেশ পালৰ জৰিয়তে আন এগৰাকী আত্মীয়ক এ পি এছ চিৰ চাকৰি দিয়াৰো অংক কৰা বুলি জানিব পৰা গৈছে।

আনহাতে দুৰ্নীতিৰ মহাসম্ৰাট ৰাকেশ পালৰ কাৰ্যকালত নগাঁৱত ৰাকেশ পালৰ এজেন্টে এপি এছ চিৰ চাকৰি বজাৰ মেলি ধনৰ বিনিময়ত স্বামী – স্ত্ৰী, ভাতৃ – ভগ্নী প্ৰেমিক প্ৰেমিকাক কিদৰে চাকৰি দিছিল সেয়া সবিস্তাৰে বিভিন্ন বাতৰিকাতত বাতৰি প্ৰকাশ হৈছিল।

শেষতীয়াকৈ জানিব পৰা মতে, বক্ৰ পথৰে এ পি এছ চিৰ চাকৰি লোৱা কেন্দ্ৰীয় ৰেল ৰাজ্য মন্ত্ৰী ৰাজেন গোঁহাইৰ ভতিজা সুনয়না আইদেউৰ ভাতৃয়েও ২০১৫ বৰ্ষত এপি এছ চিৰ চাকৰি লাভ কৰাৰ লগতে পত্নীয়েও লাভ কৰিছিল এপিএছ চিৰ চাকৰি । ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা সুনয়না আইদেউৰ ভাতৃ নিলোৎপল গোহাঁইয়ে এপি এছ চিৰ চাকৰি লাভ কৰি কাৰ্যনিৰ্বাহ কৰি থকাৰ লগতে নিলোৎপলৰ পত্নীয়ে এ পি এছ চিৰ চাকৰি পায় কাৰ্যনিৰ্বাহ কৰি আছে।

ইপিনে এপি এছ চিৰ দুৰ্নীতি সন্দৰ্ভত আৰক্ষীয়ে তদন্তৰ দ্বাৰা অব্যাহত ৰখাত নগাঁৱৰ ৰাকেশ পালৰ এজেন্টৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। এক নিৰ্ভৰযোগ্য সূত্ৰৰ পৰা জানিব পৰা মতে, নগাঁৱৰ দুজন এজেন্ট ৰাকেশ পালৰ হৈ চাকৰি বিক্ৰী কৰি ধনৰ লেনদেন কৰিছিল। এই দুগৰাকী এজেন্ট এতিয়া মবাইল নম্বৰ সলনি কৰাৰ লগতে আত্মগোপন কৰা বুলিও জানিব পৰা গৈছে। তাৰোপৰি ৰাকেশ পালৰ লগত মধুৰ সম্পৰ্ক গঢ়ি এপি এছ চিৰ চাকৰি লোৱা হিমাদ্ৰী শইকীয়া নামৰ যুৱতী গৰাকীক আৰক্ষীৰ তদন্তৰ আওতালৈ আনিলেই বহু বিষ্ফোৰক তথ্য পোহৰলৈ অহাটো নিশ্চিত হৈ পৰিছে। স্মৰ্তব্য যে এই গৰাকী যুৱতীয়ে নিজৰ প্ৰেমিক তথা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা এচি এছ বিষয়া দেৱজিৎ বৰাকো চাকৰি দিছিল।

 

Related Articles

Leave a Reply

Close