অসম

বকোৰ বৰুৱাৰ জলজলী নদীত মৃতদেহ উদ্ধাৰ

প্ৰথম খবৰ, নগৰবেৰা: কামৰূপ গ্ৰাম্য জিলাৰ বকো সমষ্টিৰ মন্দিৰা আৰক্ষী চকীৰ অন্তৰ্গত বৰুৱা পথাৰ এলেকাত আজি মাছ মাৰিবলৈ গৈ নিৰুদ্দেশ হোৱা এগৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে, আৰক্ষী চকীৰ খনৰ অন্তৰ্গত বৰুৱা পথাৰ(চাকলা) গাঁৱৰ ছোলেইমান আলীৰ পুত্ৰ তালেপ আলী(৩৫) নামৰ লোক জনে তেৰ দিন পূৰ্বে নিশা নিজ ঘৰৰ সমীপত জলজলী নৈত মাছমাৰিবলৈ নিৰুদ্দেশ হৈছিল।

এই সন্দৰ্ভত স্থানীয় আৰক্ষী চকীত অৱগত কৰা হৈছিল যদিও লোক জনৰ কোনো সন্ধান ওলোৱা নাছিল। কিন্তু আজি তেৰ দিনৰ অন্তত লোক জনৰ উৱলি যোৱা মৃতদেহ নিজ গৃহৰ পৰা আধাকিলোমিটাৰ মান দূৰত জলজলী নৈত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে।

লোক জনৰ মৃত্যৰ প্ৰকৃত কাৰণ জনা হোৱা নাই যদিও নিশাৰ আন্ধাৰত দপানীত পৰি এনেদৰে মৃত্যুক আকোৱালি লোৱা বুলি একাংশ ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। তিনি সন্তানৰ পিতৃ লোক জনৰ এনে শোকাৱহ মৃত্যুত অঞ্চলটোত এক শোকৰ ছাঁ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close