অসম

বন বিভাগৰ অভিযান: অভিযানত জব্দ অবৈধ কাঠমিল

বঢ়মপুৰৰপৰা নয়ন মনি বৰা, প্ৰথম খবৰ: নগাঁঁও জিলাৰ নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত জুৰীয়াত আজি বন বিভাগৰ এটা দলে অবৈধ কাঠ মিল আৰু চোৰাং কাঠৰ ওপৰত অভিযান চলায়। জানিব পৰা মতে, নগাঁও সদৰ আঞ্চলিক বন বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত যোৱা বন বিভাগৰ দলটোৱে জুৰীয়াৰ আলিটাঙনীত অভিযান চলায় আব্দুল কাদিৰ নামৰ ব্যক্তি জনৰ অবৈধ কাঠ মিলটো জব্দ কৰি নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়লৈ লৈ যায়। উল্লেখ্য যে, উক্ত বন বিভাগৰ দলটোত নগাঁও সদৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ বনকৰ্মীৰ লগতে বন সুৰক্ষা বাহিনীৰ লোক উপস্থিত আছিল।

Related Articles

Leave a Reply

Close