অসম
“বমি চুৰে” লুটিলে টকা, অভিনৱ উপায়েৰে ধন লুট

প্ৰথম খবৰ, শিৱসাগৰ: আজৱ চোৰৰ আজৱ কাণ্ড। চুৰিৰ অভিনৱ উপায়। এইবাৰ শিৱসাগৰত গাত বমি কৰি চোৰে লুটি নিলে এক লাখ পয়ত্ৰিশ হাজাৰ টকা। নিধিৰাম চৰ্দাৰৰ ভূমিকাত শিৱসাগৰ আৰক্ষী। গিৰিয়েকৰ পেঞ্চনৰ এক লাখ পয়ত্ৰিশ হাজাৰ টকা দিন-দুপৰত লুটি নিলে চোৰে। চোৰৰো অভিনৱ উপায়।
ঢুলীয়াপাৰৰ মীৰা দত্ত নামৰ এই বৃদ্ধা মহিলাগৰাকীয়ে শিৱসাগৰৰ ভাৰতীয় ষ্টেট বেংকৰ পৰা গিৰিয়েকৰ পেঞ্চনৰ ধন মুঠ এক লাখ পয়ত্ৰিশ হাজাৰ টকা উলিয়াই আনিছিল। বাহিৰত খাপ লৈ আছিল “বমি চোৰ”। আইতাই ধন লৈ বাহিৰ পাওঁতে “বমি চোৰে” পাছফালৰ পৰা আইতাৰ গাত বমি কৰি দি ধুৱাই দিবৰ বাবে অলপ দূৰত থকা এন.আৰ.এল.পেট্ৰল পাম্পলৈ আনি চেগ বুজি আইতাৰ ধনৰ মোনালৈ উধাও হয়। আইতাৰ সমস্ত ধন, পাচবুক আৰু মোবাইল লৈ এখন বাইকত উঠি পলায়ন কৰে “বমি চোৰে”।