অসমশীৰ্ষ

বাইক-টেম্পৰ মুখামুখী সংঘৰ্ষত শিশুৰ কৰুণ মৃত্যু, মাতৃ আহত

প্ৰথম খবৰ, ৰূপহীহাট: ৰূপহীহাটৰ দক্ষিণ খাটোৱালত শোকাৱহ দুৰ্ঘটনা৷ টেম্পু-বাইকৰ মুখামখি সংঘৰ্ষত নিহত শিশু৷ থিতাতে নিহত হোৱা শিশুটোৰ নাম চনজিদা খাতুন৷ সুতিৰপাৰৰ তিতলমাৰী বিল পথেৰে আহি থকা অৱস্থাত সন্মুখৰপৰা অহা বাইকে খুন্দা মৰাত সংঘটিত হয় শোকাৱহ দুৰ্ঘনাটো৷

উক্ত দূৰ্ঘটনাত শিশুটিৰ মৃত্যু হোৱাৰ লগতে মাতৃও গুৰুত্বৰভাৱে আহত হৈছে৷ দুৰ্ঘটনাত পতিত হোৱা বাইকটোৰ নম্বৰ এ এছ-০১ এ ই ০৫৫৪ আৰু টেম্প’খনৰ নম্বৰ হৈছে এ এছ ০২ই-০৬৩৫৷ ইফালে দূৰ্ঘটনা সংঘটিত কৰিয়ে দুয়োখন বাহনৰ চালক পলাই সাৰে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close