অসম

বালিজানত শিক্ষকৰ বিদায়ী সভা

প্ৰথম খবৰ, মুৰফুলনি: গোলাঘাট জিলাৰ মুৰফুলনিৰ বালিজান শংকৰজ্যোতি উচ্চ মাধ্যমিক বিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আজি এখনি বিদায়ী সভা অনুষ্ঠিত হৈ যায়। ১৯৮৯ চনৰ পৰা বিদ্যালয়খনত কৰ্মৰত বিজ্ঞান বিষয়ৰ শিক্ষক ত্ৰিলোচন গগৈদেৱৰ আজি চাকৰি জীৱনৰ অন্তিম দিন হিচাপে আয়োজন কৰা সভাখন যৌথভাৱে পৰিচালনা কৰে বিদ্যালয় পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ভদ্ৰেশ্বৰ গগৈ আৰু প্ৰাক্তন সদস্য লোকেশ্বৰ বৰাই।

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়ৰ প্ৰধান শিক্ষক শ্ৰীযুত নগেন শইকীয়াই। ইয়াৰ পাছতে বিদ্যালয়ৰ শিক্ষকসকলে প্ৰত্যেকেই ৰখা বিদায়ী ভাষণৰ অন্তত ফুলাম গামোচা, সফুঁৰা, মানপত্ৰৰে শিক্ষকগৰাকীক সম্বৰ্ধনা যাচে। লগতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় বহুতো লোকে শিক্ষকজনক সম্বৰ্ধনা জ্ঞাপন কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close