ৰাষ্ট্ৰীয়

বালি, পাউডাৰ, পাথৰ খোৱা ৰোগৰ পৰা সাৱধান!

প্ৰথম খবৰ, হেল্থ ডেস্কঃ সম্প্রতি কলকাতাৰ মেডিকেল কলেজত এজন যুৱকৰ পেটৰ অস্ত্রোপচাৰৰ পিছত অজস্র বালি, পাউডাৰ, পাথৰ, ময়লা পাইছিল চিকিৎসকসকল। এই ঘটনাক নজিৰবিহীন বুলি দাবী কৰে চিকিৎসকসকলে।

পঞ্জাবৰ ভাটিন্ডাৰ বাসিন্দা অর্জুন শ্বাহ (১৬)। বিগত কিছুদিন ধৰি অসহ্য পেটৰ যন্ত্রণাত ভুগিছিল। যন্ত্রণা ইমানেই বাঢ়িছিল যে খোবা-বোৱা পৰ্যন্ত বন্ধ কৰি দিবলগীয়া হৈছিল। অানকি ঠিকমতে উশাহ-নিশাহো লব পৰা নাছিল যুৱকজনে।

শেষত যুৱকজনক চিকিতসালয়লৈ নিয়াৰ সিদ্ধান্ত ললে পৰিয়ালৰ লোকে। চিকিতসালয়ত বিস্তৰ পৰীক্ষা-নিৰীক্ষাৰ পিছতো চিকিৎসকসকলে যুৱকজনৰ প্ৰকৃততে কি হৈছে ধৰিব নোৱাৰিলে। শেষত ৰোগ চিহ্নিত কৰাৰ বাবে অর্জুনৰ পাকস্থলীটো কেমেৰাৰে পৰীক্ষা কৰা হয়। আৰু সেই পৰীক্ষাৰ ফলাফল দেখি চকু কপালত উঠে চিকিৎসকসকলৰ। কাৰণ গোটেই পাকস্থলীটো ভৰ্তি হৈ আছে প্লাস্টিক আৰু কাঠৰ টুকৰাৰে।

জানিব পৰা মতে  অর্জুনৰ ৰোগ ‘পিকা’ নামেৰে পৰিচিত। ই এক ধৰণৰ মানসিক ৰোগ। এই ৰোগত আক্ৰান্ত  হলে ৰোগীয়ে বালি, পাউডাৰ, পাথৰ, ময়লা সকলো খাব পাৰে। অর্জুনৰ ক্ষেত্রতো এই ঘটনাই ঘটিছিল। চিকিৎসকসকল অস্ত্রোপচাৰ কৰি অৰ্জুনৰ পেটৰ পৰা ৩০০ গ্রাম প্লাস্টিক আৰু কাঠৰ টুকৰা বাহিৰ কৰে । চিকিৎসকসকলে জনোৱা মতে আৰু তিনিটা অস্ত্রোপচাৰ কৰিলে অর্জুনৰ পেট পৰিষ্কাৰ কৰা সম্ভৱ হব।

Related Articles

Leave a Reply

Close