অসম

বিজেপিৰ প্ৰতি মোহভংগ নতুন প্ৰজন্মৰ, মুখ্যমন্ত্ৰীৰ জন্ম গাঁৱত ভেটি হেৰুৱাৰ পথত বিজেপি

প্ৰথম খবৰ, চাবুৱা: পৰিৱৰ্তনৰ শ্লোগান দি শাসনলৈ অহা চৰকাৰখনে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাত এতিয়া বিজেপিৰ প্ৰতি মোহভংগ হৈছে সৰ্বসাধাৰণ ৰাইজৰ লগতে উঠি অহা নতুন প্ৰজন্মৰ। ৰাজ্যৰ বিভিন্ন ঠাইত বিজেপি চৰকাৰৰ কাম কাজত সৰ্বসাধাৰণ ৰাইজে অসন্তুস্তি প্ৰকাশ কৰি থকাৰ সময়তে কালি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ জন্ম গাঁও চাবুৱাৰ বিন্ধাকটাত ৫০ জন যুৱকে মুকলিভাৱে অসম গণ পৰিষদত যোগদান কৰে।

পঞ্চায়ত নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে কালি বিন্ধাকটা পঞ্চায়তত এখন সভাৰ আয়োজন কৰে। দলটোৰ ডিব্ৰুগড় জিলা সমিতিৰ তথা এনাৰ্জি আৰু হাইড্ৰ’কাৰ্বনৰ অধ্যক্ষ পোনাকণ বৰুৱা উপস্থিত থকা তথা অসম যুৱ পৰিষদৰ চাবুৱা আঞ্চলিক সমিতিৰ সভাপতি নিপুল কোঁৱৰে আঁত ধৰা সভাখনত যোগদান কৰা ৫০ জন যুৱকক গামোচাৰে আদৰণি জনোৱা হয়।

সভাখনত দলটোৰ জিলা সভাপতি পোনাকণ বৰুৱাই কয় যে আঞ্চলিক ৰাজনীতিয়ে সাম্প্ৰতিক সময়ত একমাত্ৰ বিকল্প, য’ত জাতীয় আৱেগ-অনুভূতিৰ লগতে গণতান্ত্ৰিক প্ৰমূল্যবোধ আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰতি সন্মান অটুট ৰক্ষা হয়। ৰাজ্যৰ সাম্প্ৰতিক বাতাবৰণে পুনৰ আঞ্চলিকতাবাদৰ প্ৰাসংগিকতা বৃদ্ধি কৰা বুলিও বৰুৱাই ভাষণত কয়।

সভাখনত দলটোৰ চাহ কোষৰ কেন্দ্ৰীয় সাধাৰণ সাধাৰণ সম্পাদক প্ৰমোদ ডেংৰা, মহিলা পৰিষদৰ চাবুৱা সমষ্টিৰ সভানেত্ৰী ৰূপালী গগৈৰ লগতে ভালেকেইজন ব্যক্তি উপস্থিত থকা সভাখনত নৰেশ বড়াক সভাপতি, প্ৰাঞ্জল কছাৰী আৰু জয় কুলিক সম্পাদক হিচাপে লৈ যুৱ পৰিষদৰ বিন্ধাকটা আঞ্চলিক গঠন কৰা হয়।

Related Articles

Leave a Reply

Close