অসম

বিতৰ্কিত মন্তব্যৰে অভিলেখ সৃষ্টিৰ দৌৰত ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তী, এইবাৰ এজাহাৰ দাখিল কলিতা ছাত্ৰ সন্থাৰ

প্ৰথম খবৰ, নিউজ ব্যুৰ’: বিতৰ্কই যেন লগ নেৰা হৈছে বিশিষ্ট বুদ্ধিজীৱি, সাংবাদিক ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীক। উল্লেখ্য যে, ১৭ নৱেম্বৰত বিশিষ্ট ব্যক্তিজনে স্বয়ং মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সন্মুখতে এক বিতৰ্কিত মন্তব্য কৰিছিল। যাৰ বিৰুদ্ধে ৰাজ্যৰ ঠায়ে ঠায়ে চক্ৰৱৰ্তীৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ।

তাৰ ভিতৰত অন্যতম আছিল কমল কুমাৰ মেধিয়ে ৰুজু কৰা গোচৰটো। আৰু ইয়াকে লৈ দেওবাৰে ক্ষোভত ফাটি পৰে বিশিষ্ট সাংবাদিকজন। যাৰ কাৰণে তেওঁ কমল মেধিক ফোনযোগে তুচ্ছ-তাচ্ছিল্য কৰি অনেক কথাৰে তুলাধুনা কৰে। কমল মেধিৰ অভিযোগ অনুসৰি ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীয়ে তেওঁক যথেষ্ট গালি গালাজ পৰাৰ লগতে জাতত ধৰি প্ৰশ্ন উত্থাপন কৰিছিল আৰু কৈছিল তুমি কি জাতৰ, এইবোৰ নীচ জাতৰ নীচ কাম, ভেজাল কলিতা ইত্যাদি বাক্যবান প্ৰয়োগ কৰিছিল।

এই কথা সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছতে সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত চক্ৰৱৰ্তীৰ কলিতা জনগোষ্ঠীক কৰা অপমানসূচক মন্তব্যৰ বিৰুদ্ধে সৰৱ হৈ পৰে কলিতা জনগোষ্ঠী সন্মিলন অসম, সদৌ অসম কলিতা ছাত্ৰ সন্থা আদি দল-সংগঠনসমূহ।

কলিতা ছাত্ৰ সন্থাই তেওঁক ২৪ ঘণ্টাৰ ভিতৰত নিজৰ বক্তব্য উঠাই ল’বলৈ দাবী জনোৱাৰ লগতে অনাগত সময়ত কলিতা জনগোষ্ঠীক লৈ এনে কটু মন্তব্য নকৰিবলৈ সকীয়নী প্ৰদান কৰে। লগতে এই সন্দৰ্ভত বিতৰ্কিত মন্তব্যৰ বিৰুদ্ধে ধীৰেন্দ্ৰনাথ চক্ৰৱৰ্তীৰ বিৰুদ্ধে তেজপুৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছে কলিতা ছাত্ৰ সন্থাই। ১২০(বি),১৫৩(এ),৫০৬ ধাৰাত গোচৰ পঞ্জীয়ন। এজাহাৰ দাখিল কৰিলে সংগঠনটোৰ সভাপতি ড° দীপাংকৰ কলিতাই।

Related Articles

Leave a Reply

Close